ক্লান্তহীন সময় -দিপশিখা ৰাজকোঁৱৰ

©Admin
0

ক্লান্তহীন সময়ত নিৰৱধিভাৱে 
অভিমানী হৃদয়ৰ পৰা 
নিগৰি অহা কিছুমান 
অসংযত অৰ্থহীন শব্দ 
ডায়েৰিৰ উকা পৃষ্ঠাত 
এতিয়া লিপিবদ্ধ হৈ আছে।
উৱলি যোৱা শব্দবোৰ 
আজি অৰ্থহীন কিয়?
কিয় অস্পষ্ট হৈ ৰ'ল 
প্ৰতিটো অভিমানী শব্দ 
শূণ্য উত্তৰত হাবাথুৰি খাইছো
বাৰে বাৰে থমকি ৰৈছো।
উত্তৰবিহীন প্ৰশ্নবোৰে 
ক্লান্তহীন সময়ত মোক 
বৰকৈ আমনি কৰে 
দুটি নয়নৰ অশ্ৰুৱে 
শিতানৰ গাৰুটি তিয়াই।
ক্লান্তহীন সময়ৰ নিঃসংগতাই 
মোক সংগ দিয়ে বাবেই 
ছায়া হৈ থাকিবলৈ 
কেতিয়াবাই অনুমতি দিলোঁ 
সেই অনুমতি আজিলৈকে 
নিঃসংগতাই পাহৰা নাই ।
ক্লান্তহীন সময়ত 
অভিমানী হৃদয়ৰ স্পন্দনত 
স্পন্দিত হোৱা শব্দবোৰে
কবিতাৰ সোপান সিচে
নিঃসংগতাৰ প্ৰেয়সী মই 
ক্লান্তহীন সময় মোৰ প্ৰিয়।

    ✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)