আমাৰ বিষয়ে

An attempt to preserve the Assamese language and literature as well as to give recognition to all the writers in the world of internet (Digital Media) . Come forward and cooperate us in giving your creativity a proper place in this world.

Thanks for visiting 

Contact us

Email idaxomiyahahitiyarsaneki@gmail.com

WhatsApp - 8638826833

Website www.saneki.in

ISBN 978-81-956249-1-1



registration no AS-15-0002373



অসমীয়া সাহিত্যৰ চানেকি হৈছে অসমীয়া ভাষা আৰু সাহিত্যক ডিজিটেল মাধ্যমত সংৰক্ষণ, প্ৰচাৰ আৰু বিশ্বজনীন কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠিত এক আগশাৰীৰ সাহিত্যিক প্লেটফৰ্ম। ২০২০ চনৰ ০১ জানুৱাৰী তাৰিখৰ পৰা প্ৰতিষ্ঠাপক সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত এই আলোচনীখন নিয়মিতভাৱে প্ৰকাশ হৈ আহিছে।

অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম একমাত্র অসমীয়া দৈনিক ৱেব আলোচনী হিচাপে আৰম্ভ হোৱা অসমীয়া সাহিত্যৰ চানেকিয়ে নৱীন আৰু প্ৰবীণ লেখক-লেখিকাসকলক এক উন্মুক্ত, বিশ্বাসযোগ্য আৰু সন্মানীয় মঞ্চ প্ৰদান কৰি আহিছে। আমাৰ মূল উদ্দেশ্য হৈছে অসমীয়া সাহিত্যৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে নতুন প্ৰজন্মৰ সাহিত্যিকসকলক ডিজিটেল জগতত সঠিক পৰিচয় আৰু স্বীকৃতি প্ৰদান কৰা।

এই সাহিত্যিক যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থকা মুখ্য ব্যক্তি হৈছে ক্ৰমে ৰিংকু ৰাজোৱাৰ, ৰিন্টু কুৰ্মী আৰু দুলাল ৰবিদাস। তেওঁলোকৰ একাগ্ৰতা, সাহিত্যপ্ৰেম আৰু পৰিশ্ৰমৰ ফলস্বৰূপে আলোচনীখনে অতি স্বল্প সময়তে পাঠক সমাজত এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

পাঁচ বছৰৰ সফল যাত্ৰাত অসমীয়া সাহিত্যৰ চানেকিয়ে অসম, ভাৰবৰ্ষৰ বিভিন্ন ৰাজ্য আৰু বিদেশত বসবাস কৰা অসমীয়া পাঠক-লেখকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। এই সময়ছোৱাত প্ৰায় ২০০০ তকৈও অধিক নৱীন-প্ৰবীণ লেখক-লেখিকাৰ গল্প, উপন্যাস, কবিতা, প্ৰবন্ধ আদি মিলাই মুঠ ১০,০০০ তকৈও অধিক লেখা প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল অধিক সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে।

সময়ৰ প্ৰয়োজন আৰু পাঠক-লেখক সমাজৰ সুবিধাৰ কথা মনত ৰাখি, ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা “অসমীয়া সাহিত্যৰ চানেকি”ক সাপ্তাহিক ডিজিটেল সাময়িকী হিচাপে পুনৰ সংগঠিত কৰা হৈছে। আগন্তুক দিনবোৰত অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু উৎকৰ্ষৰ দিশত আমি অধিক দায়িত্বশীল আৰু সক্ৰিয় ভূমিকা পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

অসমীয়া ৱিকিপিডিয়াত পঢ়ক আমাৰ বিষয়ে 



Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সচাকৈ বহুত বহুত ভাল লাগিছে।

    ReplyDelete
Post a Comment