এটি কবিতা...
অনাকাংক্ষিত
বাস্তৱ হৈয়ো অবাস্তৱ যেন লগা এটি কবিতা
শোকৰ হুমুনিয়াঁহ যেন এটি কবিতা।।
(২)
বাপুকণে হেনো এইবাৰ মেট্ৰিক দিব!
হিয়া ধাকুৰি কান্দিবৰে কথা...
বলিয়া লুইতে তাৰ কিতাপবোৰ বুকুতে সামৰি লৈ গ'ল।।
(৩)
এটি কবিতা এনেধৰণৰ...
নাওঁখনত উঠো নুঠোকৈ আইতাই পিছ হুহুঁকি এবাৰ ঘৰখনলৈ চাইছে,
চাবৰে কথা...
মানুহজনে নিজ হাতে বাহঁ- খেৰে সাজি থৈ গৈছিল আপোন ঘৰখন।
অহ্!! আইতাৰ বিয়াৰ পাটৰ কাপোৰযোৰ চোন বাকচতে থাকিল!!
(৪)
নাকান্দিবি মোৰ সোণাই
নদী মাতৃৰ বুকুত জন্মিছ তই,কান্দিলে কেনেকৈ হ'ব?
সৌৱা চা,পিতায়ে দূৰৈৰ পৰা আমালৈ চাই আছে...
হাঁহি দে মোৰ সোণাই।।
(৫)
হেৰি,কেলেইনো এনেকুৱা কৰিছে?
তাই যাওঁকগৈ দিয়ক,বৰ কষ্ট পাইছে।
" যাবলৈ দিওঁ কেনেকৈ,নিজ হাতে ডাঙৰ কৰিছোঁ তাইক"।।
এটি কবিতা এনেধৰণৰ
বানত ডুবি যাব ধৰা ৰাঙলী গৰুজনীক বচোৱাৰ এটি জীয়া কবিতা।।
(৬)
এই বানেধোৱা কবিতাবোৰতে
শেষ হৈ যাব বহু জী থকাৰ কবিতা।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ