কলংকিত-তুতুমনি মাইনা দাস

Rinku Rajowar
0
দুচকুত সপোন নামিছে ,হৃদয়ত ভাল লগা অনূভৱবোৰ জাগিছে গোপনে। হেঁপাহৰ গামোচাখন হাততলৈ আত্মবিভোৰ হৈ পৰে। হঠাৎ মনলৈ আহে সেই অভিশপ্ত দিনটো , এৰি নাযাবা -মোক এৰি নাযাবা মই তোমাৰ সন্তানৰ মাতৃ ,  ' বিয়াৰ আগতে মোৰ সন্তানৰ মাতৃ তই , আৰু কিমানৰ লগত তোৰ হলি-গলি ,মই নাজানো নেকি '  কথাকেইটাত স্তব্ধ হৈ ৰৈছিল হিয়া , তাইটো হেঁপাহৰ গামোচাখনলৈ প্ৰিয়জনৰ কাষলৈ গৈছিল , নতুন সপোনৰ বতৰা দিবলে কিন্তু  তাই আজি কলংকিত । দুখ তাই নে সেই নৃপুংসকজন যিয়ে বিয়াৰ প্ৰলোভনেৰে তাইৰ সৰ্বোচ্চ কাঢ়িলৈ কুলষিত কৰি থৈ গ'ল  ।       
মা , মা । হঠাৎ তাই তন্ময়তা ভাগিল ।        
মা গামোচাখন দিয়া । আজি আমাৰ স্কুললৈ সমাজৰ্কমী তথা শিশু মহিলা সুৰক্ষাৰ তত্ত্ববধায়ক শ্ৰীযুত বিনয় চলিহা দেৱ আহিব ।   
  নামটো শুনাৰ লগে লগে বিতৃষ্ণাৰে মনটো ভৰি পৰিল ।সমাজৰ উচ্চ স্থানৰ  প্ৰতিভাশালী ব্যক্তি তেঁও আৰু তাই এজনী কলংকিত ,চৰিত্ৰহীনা নাৰী। হাতৰ গামোচাখন পুনৰ হাততে ৰ'ল ঠিক দহ বছৰ আগৰ দৰে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)