তুমি যে মোক কৈছিলা?
সোণ তুমি মোক পাহৰি মোৰ মৰম এৰি কেতিয়াও আঁতৰি নাযাবা।
তুমি যদি মোৰ পৰা আঁতৰি যোৱা মই জীয়াই নাথাকিম।
মোৰ সপোন,মোৰ আশা সকলো চোন তুমি।
আৰু মইয়ো কথা দিছিলো তোমাক
তোমাৰ সপোন বোৰ দিঠকত আৰু আশা বোৰ বাস্তৱত পূৰ্ণ কৰিম।
কিন্তু চোৱা সময় কিমান নিষ্ঠুৰ,
আৰু তোমাৰ কথাবোৰ কিমান বিভূৰ।
আজি তুমিয়েই চোন মোৰ পৰা আঁতৰি গ'লা।
মোৰ সপোন ভাঁজৰ লগৰী জনী আজি আনৰ আপোন হ'লা।
সুখী হোৱা তুমি সুখৰ হওক তোমাৰ যুগ্ম জীৱন।
মইনো কি থাকিম আৰু এনেকৈ,
অতিতৰ স্মৃতি বোৰ বুকুত সাৱতি লৈ।
📝 দীপাঙ্কৰ লাহন (গহপুৰ )

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ