বৰষুণৰ শব্দবোৰত
সৃষ্টি হয় মোৰ উশাহ
ধৰালৈ সঞ্জীৱনীৰ সুধা
কঢ়িয়াই অনা
বৰষুণৰ দীঘলীয়া খোজবোৰত
সেউজীয়াই গৰ্ভধাৰণ কৰে
বৰষুণৰ শব্দবোৰতেই
ধৰিত্ৰীৰ সন্তানে
কলুষিত পোছাকযোৰ সলনি কৰি
নিৰ্মল হৈ উঠে
বৰষুণৰ শব্দবোৰত
প্ৰতিধ্বনিত হোৱা সেউজীয়াবোৰত
মোৰ মনটোৱেও স্নান কৰি
পৰিধান কৰে
এযোৰ বগা সাজ।
📝দীপাৱলী কুৰ্মি

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ