মন্দিৰ-চুটিগল্প

Rinku Rajowar
0
ৰূপা আৰু শ্ৰাৱষ্ঠী দুয়ো নলেগলে লগা বান্ধৱী । তেওঁলোকে স্কুললৈ সদায় একেলগে যায় ।
শনিবাৰৰ দিনা দশম মান শ্ৰেণীৰ ক্লাচ বাকীবােৰতকৈ অলপ দেৰি হৈছিল, ঘূৰি আহোতে বাটত মাৰুতি ভান এখনে ৰূপাক সুধিলে সিহঁতৰ স্কুলখন কোনখিনিত আছে সুধিছিল । ৰূপাই ৰাস্তাটাে বুজাই থাকোতে ভানখনত থকা ল'ৰাটোৱে তাইক ভানৰ ভিতৰলৈ টানি নি মুখত সোপা মাৰি ধৰিলে আৰু তাই চিঞঁৰিব নোৱাঁৰা হৈ গ'ল । তাই একো গম নোপোৱা ভাওধৰি, টোপনি অহা ভাও ধৰিলে । 
সিহঁতে তাই টোপনি যোৱা বুলি ভাৱি কিছুদূৰ গৈ উঠি ৰেষ্টুৰা এখনত চাহ খাবলৈ সোমাল । 
     সেই ছেগতে তাই দুৱাৰ খুলি আঁৰে আঁৰে গৈ পলাল  আৰু গৈ গৈ মন্দিৰ এখনত সোমাল । বহুত মানুহৰ মাজত তাই সোমাই পৰিল । তাই মন্দিৰতে  সেইদিনা তাতে থাকিল । তাই ভাৱিলে এয়ে এটা স্থান য'ত মানুহে এদিনৰ বাবে হ'লেও আশ্ৰয় ল'ৱ পাৰিছে । ৰূপাই ভাৱিলে মানুহে যিমানে যিয়েই নকওঁক - মন্দিৰ এনে এখন স্থান য'ত মানুহে তাত পাপ কাম কৰিবলৈ হাজাৰ মানুহৰ মাজত এবাৰ ভাৱিব লাগিব । এই পৱিত্ৰ মন্দিৰেই 
আজি তাইৰ জীৱন বচালে । তাই চুৰিদাৰৰ উৰণাখন মূৰত ঢাকি ল'লে আৰু মূল মণ্ডপৰ ওচৰে-পাজৰে বহি থাকিল ।
   পিছদিনা পুৱা এজনী মানুহে মন্দিৰলৈ চাকি জ্বলাবলৈ আহিল । মানুহজনীয়ে বৰ মিঠা মাতেৰে তাইক ভৰি ধোৱা পুখুৰীতো ক'ত আছে সুধিলে আৰু তাই কৈ দিলে ।
ৰূপাই মানুহজনী মৰমিয়াল যেন পাই যোৱাকালিৰ ঘটনাতোৰ সকলো কথা বিৱৰি ক'লে । তেতিয়া মানুহজনীয়ে তাইৰ লগত কথা - বতৰা পাতি ৰূপাক ঘৰত থৈ অহাৰ প্ৰতিশ্ৰতি দিলে আৰু কথামতে ৰূপাহঁতৰ ঘৰত থৈ আহিল । ঘৰৰ মানুহে ৰূপাক ওভটাই পাই মানুহজনীক ধন্যবাদৰে উপচাই পেলালে ।
ৰূপাৰ তেতিয়াৰ পৰা ক'ব নোৱাৰাকৈ মন্দিৰৰ পৱিত্ৰতাৰ প্ৰতি মনত শ্ৰদ্ধা আৰু বিশ্বাস আৰু গাঢ়  হ'ল ।
___সমাপ্ত_____

গল্পকাৰ - মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)