প্ৰত্যেকৰে জীৱনটো সৰু সৰু কাহিনী আলামত গঠিত এখন ডাঙৰ উপন্যাস হয় ।
এই উপন্যাসখনৰ কোনো এটা পৃষ্ঠা উকা হব নিদিবা । মনত কোনোধৰণৰ অসন্তুষ্টি নাৰাখিবা কোনোবা গোটেই জীৱন তোমাৰ লগত থাকি যাব আন কিছুমানে ক্ষন্তেক সময়ৰ বাবে তোমাৰ জীৱনলৈ আহিব ।
তেওঁ কাহিনীত সেই সময়লৈকে তোমাৰ লগত থকাৰে লিখা আছিল ।হয়তো তোমাৰ কাহিনীতো তেওঁ উপষ্ঠিত সিমানে আছিল ।সেই বুলি তুমি ভাঙি নপৰিবা ভাৱনাৰ মেৰপাকত নিজকে হেৰুৱাই নেপেলাবা নিজকে চম্ভালিব শিকা নিজকে বুজাবলৈ শিকা যে জীৱন মানেই পোৱা নোপোৱা এক দোমোজা ।মই জানো কাৰোবাৰ প্ৰতি তোমাৰ হৃদয়ত এতিয়াও প্ৰেম আছে আৰু সেই প্ৰেমে তোমাক আজিও আমনি কৰে। যেতিয়া তুমি অকলশৰীয়াকৈ থাকা তেতিয়া পুৰণি অতীতে তোমাক বহুত কষ্ট দিয়ে, মই এইটো জানো যে তোমাৰ মনলৈ বহু প্ৰশ্ন আহে ,যাৰ উত্তৰ তোমাৰ লগত নাই। বুকুখন হেঁচা মাৰি ধৰে সকলো থাকিও যেন তোমাৰ একো নাই তেনে এক ভাৱ হয় । পুনৰ ভাল লগা দিনবোৰলৈ উভতি যাবলৈ মন যায় অতীতৰ সেই পৃষ্ঠাবোৰলৈ গৈ তেওঁক পাবলৈ ইচ্ছা জাগে ,,
অবিৰত ভাৱে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থকা হয় স্মৃতি সেই খিলা পাতলৈ.... যত জোনাক বৰষুণ হৈছিল য'ত প্ৰেমে দুয়োকে তিতাইছিল । মই জানো তুমি প্ৰতিটো ৰাতি চেষ্টা কৰা স্মৃতিবোৰ পাহৰি যাবলৈ কিন্তু বিফল হোৱা হয়,যেন সেইবোৰে তোমাক জীয়াই ৰাখিছে... মই জানো চকুপানীয়ে তোমাৰ লগ নেৰে শিতানৰ গাৰুতো তিতি যায়, চকুৰ গুৰিত বিষণ্নতাই চানি ধৰে...নিজকে বুজাবলৈ হাজাৰটা চেষ্টা কৰা হয় ,বাৰে বাৰে নোপোৱা উত্তৰ বিচাৰি উজাগৰে পাৰ কৰি দিয়া হয়,অৱশেষত এটা সপোন লৈ শুই দিয়া হয় যে পুৱাৰ সূৰুজে আশাৰ বতৰা কঢ়িয়াই আনে,, তোমাৰ প্ৰাৰ্থনাবোৰ ভগৱানে শুনে কিন্তু সেই সপোনবোৰ নফলীয়াই আকৌ একেই দিনেই আৰম্ভ হয় সেই স্মৃতিবোৰে তোমাৰ লগ নেৰে দুখবোৰে পুনৰ তোমাক কষ্ট দিয়ে ।যাক পাহৰিবলৈ হাজাৰ চেষ্টা কৰা হয় কিন্তু বিফলতাই হে ঠন ধৰি উঠে। ইমান সহজ নহয় কাৰোবাক পাহৰি যোৱাটোl তুমি যদি জীৱনত আগবাঢ়িব খোজা তেতিয়া হলে পৰিৱৰ্তন কৰাটো অতি দৰকাৰ আৰু সেই ব্যক্তি জনৰ ভাল লগা স্মৃতিবোৰ মনত থবা, যি স্মৃতিয়ে তোমাক কন্দুৱাই সেইবোৰ পাহৰিবলৈ চেষ্টা কৰা দেখিবা জীৱনটো বৰ সহজ হৈ পৰিল । জীৱনৰ পৰা পোৱা কোনো এটা অভিজ্ঞতাই এনেই নাযায় । কিছুমান প্ৰেমত সফল হয় আন কিছুমান বিফল ।জানা মোৰ জীৱনটো সহজ নহয় বহুবাৰ পথভ্ৰষ্ট হলো বহুবাৰ নিজক হেৰুৱালো । মোৰ জীৱনৰ উপন্যাস খনৰ কেবাটাও পৃষ্ঠা উকা হৈ ৰ'ল সেইবাবে আজি মই অনুতপ্ত৷মনত ৰাখিবা যি দিনবোৰ পাৰ হৈ গ'ল তাৰ কথা ভাবিটো লাভ নাই । যি নাই তাক লৈ দুখ কৰিব নালাগে যি আছে তাক লৈ হাঁহিৰে আগবাঢ়ি যাব লাগে । শেষত যেতিয়া এই কাহিনী শেষ পৃষ্ঠাত গৈ উপনীত হয় তেতিয়া দেখিবা এখন ধুনীয়া উপন্যাসৰ সমাপ্ত হৈছে৷৷৷
📝 প্ৰিয়ংকা প্ৰিয়া ভূঞা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ