যেন মন-প্রান তুলি যোৱা
এক উত্তাল নৃত্যৰ লয়লাসত
উপভোগ কৰিলো ফাগুনৰ
প্রথম বৰষুনজাক।
ফাগুনৰ প্রথম বৰষুণজাকত
তিতিলো। অনুভৱৰ ৰাগ ঐনিতমৰ এক উদ্দাম নৃত্য,
উজাগৰী মালতী নিশাত
বলিয়া ফাগুনীৰ উতলা যৌৱন পুৰি ছাই হোৱা বসন্তৰ উৎসৱ,ইকাটি-সিকাটি
কৰি উপভোগ কৰিলো; সেই
বৰষুনজাক। ফাগুনৰ প্রথম
বৰষুণ জাক, হেৰাই যাব ধৰা
মতলীয়া বৰষুণজাক।
তোৰ যৌৱনৰ বা মাৰলিত
নামি অহা এজাক মাতাল বৰষুণত তিতি বুৰি আধানার্জি
হ'ম যেন লাগিছিল।
ৰুনু দেবীশর্মা।
গুৱাহাটী 37
9101036476

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ