✍️মৈত্ৰী দাস
বৰষুণৰ অনুভৱ~অনুভৱ-মৈত্ৰী দাস
March 01, 2021
0
বৰষুণ মোৰ বাবে এক সুৰীয়া কবিতা । ৰিমঝিম বৰষুণৰ উমাল স্পৰ্শই পৃথিৱীৰ প্ৰতিটো উপাদানতে সানি দিয়ে অমল প্ৰশান্তি ।সেয়ে বৰষুণ মোৰ বাবে এক কবিতা । ৰুণজুন নুপুৰৰ গুঞ্জন তুলি সেইয়াচোন মোৰ অনুভৱৰ বৰষুণ...উত্ৰাৱল হৈ বাহিৰলৈ যাওঁ । দুহাত মেলি বৰষুণৰ স্পৰ্শ লওঁ ,ইমান শীতল এটা পৰশ....। আঃ কি অনুভৱ!!! মোৰ কপাল চকু তিয়াই বুকুৰ অটল তলিলৈকে সোমাই আহে বৰষুণ।আকুলতাৰে বৰষুণক সাৱটি ধৰোঁ আৰু কওঁ নাযাবা বৰষুণ মোক এৰি থৈ নাযাবা...মোক আকৌ এবাৰ জীপাল কৰি তোলা।বাৰুকৈয়ে প্ৰয়োজন আজি এজাক বৰষুণৰ । দুহাতৰ মুঠিত চেপি ৰাখিম বৰষুণৰ কণ কণ ৰূপালী তৰাবোৰ...।
Tags

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ