৩১ মে' (ইংৰাজী: 31 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫১তম (অধিবৰ্ষত ১৫২তম) দিন। বছৰ শেষ হ'বলৈ ২১৪ দিন বাকী থাকে।
১/ ১৮৫৯ চনত ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
২/ ১৮৮৯ চনত পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন।
৩/ ১৯১১ চনত উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।
৪/ ১৯৩৫ চনত কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
৫/ ২০০২ চনত ফিফাৰ ১৭তম বিশ্বকাপ ফুটবল দক্ষিণ কোৰিয়াৰ চিউলত আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া জাপানৰ সৈতে যৌথ আয়োজক আছিল।
৬/ ১৫৭৭ চনত মোগল সম্ৰাজ্ঞী আৰু সম্ৰাট জাহাঙ্গীৰৰ প্ৰধান ৰাণী নুৰ জাহানৰ জন্ম। (মৃত্যু: ১৬৪৫)
৭/ ১৯১২ চনত চীনা-আমেৰিকান পদাৰ্থবিজ্ঞানী চিয়েন-চিউং উৰ জন্ম।তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। (মৃত্যু: ১৯৯৭)
৮/১৯৪৬ চনত জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ ষ্টিভ বাকনৰৰ জন্ম।
৯/ ১৯৬৬ চনত শ্ৰীলঙ্কাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ ৰোচন মহানামাৰ জন্ম।
১০/ ১৮৩২ চনত ফৰাচী গণিতবিদ এভাৰিষ্ট গালোৱাৰ মৃত্যু।
১১/ ১৯৮৬ চনত আমেৰিকান পদাৰ্থবিজ্ঞানী জেমচ্ ৰেইনৱাটাৰৰ মৃত্যু। (জন্ম: ১৯১৭)
১২/ বিশ্ব ধপাঁত বিৰোধী দিৱস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ