ৰবিনাই এনেকুৱা কৰিব বুলি গোপালে কেতিয়াও ভবা নাছিল। কেৱল নোটছ্ , প্ৰজেক্ট আদি গোপালৰ হতুৱাই কৰিবৰ বাবে তাৰ লগত প্ৰেমৰ অভিনয় কৰিছিল। কাৰণ গোপাল পঢ়া-শুনাত ভাল আছিল। কলেজত সকলোৰে আগত প্ৰেমৰ প্ৰস্তাৱ দিয়া ৰবিনা আজি কইনাৰ সাজত। এখন সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ সন্তান ৰাজবীৰৰ লগত আজি বিবাহ। তাই গোপালকো নিমন্ত্ৰণ জনাইছিল।
গোপাল, তাইৰ বিয়ালৈ যাব। তাৰো কাৰণ এটা আছে। "কিমান স্বাৰ্থপৰ হ'লে এনেকুৱা কৰিব পাৰে" এনেকুৱা গুণ আহৰণ কৰিবলৈ সি ৰবিনাৰ বিয়ালৈ যাব ।
✍️অলকেশ খাটনিয়াৰ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ