তোমাৰ মোৰ মাজতে আছে
সপোন আৰু সন্ধ্যাৰ তৰালিৰ সৈতে
কথা কবিতাৰ সুৱদি ৰাগত
তুমি মই আমি নহওঁ
তথাপি অস্ফুট সপোনবোৰ একে আছে
পম খেদি সপোনৰ
হেঁপাহৰ নাওখন হেৰাই থাকিল,
মাথোঁ তুমি মই থাকি গ’লো
আশাৰ মৰাসুঁতিত মূৰ থৈ
অনাহুত ভৱিষ্যতৰ অপেক্ষাত
একুৰা প্ৰেম বহ্নি প্ৰজ্বলিত হ'ব
এপলক অকৃত্ৰিম অভিপ্সাত
তুমি মই উৰি ফুৰিম
অভিশপ্ত চগা হৈ
পৰিৱৰ্তিত সময়ৰ কোলাত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ