বাসৱীয়ে গিৰীয়েক ৰাজীৱ আৰু সিহঁতৰ এহাল ল'ৰা-ছোৱালীৰ সৈতে মৰমৰ ঘৰ এখন সজাৰ সপোন দেখিছিল। সেই উদ্দেশ্যেৰে বিয়াৰ এমাহ নহওতেই ৰাজীৱক তাৰ বৃদ্ধ পিতৃ-মাতৃ আৰু একমাত্ৰ ভনীয়েক জনীৰ পৰা আঁতৰাই আনি সুখৰ সংসাৰ গঢ়াৰ পণ লৈ বেলেগকৈ আছিল। পিছে বছৰৰ পিছত বছৰ বাগৰিল বাসৱীৰ কিন্তু মাক হোৱাৰ সৌভাগ্যকণ নহ'ল। সেয়ে আজি হুমুনিয়াহ কাঢ়ি নিজেই নিজক কৈছে , "কিনো হ'ল ! সপোন বোৰ দেখোন সপোন হৈয়ে ৰ'ল।"
লেখকৰ পৰিচয়ঃ
মেঘালী বৰুৱা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ