মাতৃ হোৱাৰ পিছত নিজৰ সৰ্বস্ব ত্যাগ কৰি সন্তানৰ মুখ হাঁহিৰেৰ জিলিকাই তোলে।নাৰী হৈ জীৱনৰ লগত সংগ্ৰাম কৰাটো কিমান কষ্টকৰ সেয়া এগৰাকী নাৰীয়েহে বুজে।নাৰী মানেই ত্যাগ।বৰ্তমান পৃথিৱীত নাৰীক যদিও উচ্চ স্থান দিয়া হৈছে তথাপিও কিন্তু কিছুমান অশিক্ষিত সমাজ আৰু লম্পটৰ কাৰণে নাৰী জাতি অপমানিত হৈছে।নাৰী অবিহনে কোনো এটা জাতি, সমাজ জীয়াই থাকিব নোৱাৰে কিয়নো নাৰী নহ'লে পুৰুষে সন্তান জন্ম দিব নোৱাৰে।এই নাৰীয়ে হৈছে প্ৰকৃত জীৱন যুঁজাৰু যিয়ে সৰ্বস্ব ত্যাগী নিজৰ জীৱন সুন্দৰ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ জীৱন সুন্দৰ কৰি তুলিছে। সাম্প্ৰতিক কালৰ বিশ্বখনত নাৰী হিচাপে নিজস্ব পৰিচয় দাঙি ধৰাটো আৰু নিজকে সমাজত দুআষাৰ ক'ব পৰাকৈ নিজকে সজাই তোলাটো বহু জটিল হৈ পৰিছে যদিও কঠোৰ পৰিশ্ৰম আৰু যন্ত্ৰণা, ভোগ কৰি পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
নাৰী- সুস্মিতা বৰা
August 26, 2022
0
পুত্ৰী, ভগ্নী,পত্নী,মাতৃ আদি কেইবাটাও সম্বন্ধেৰে সম্বন্ধিত নাৰী জীৱন সঁচাকৈয়ে বহুত কষ্টকৰ আৰু মৰ্মান্তিক।প্ৰথমাৱস্থাত কাৰোবাৰ ঘৰত জন্ম লৈ পুত্ৰী ধৰ্ম পালন কৰি ২৫ ৰ পৰা৩০ৰ ভিতৰত নিজৰ জন্মদাতা পিতৃ-মাতৃ, ভগ্নী, ভাতৃ সকলো আপোন মানুহক এৰি আন এখন ঘৰৰ অচিনাকী মানুহক চিৰজীৱনৰ কাৰণে আপোন কৰিব ল'ব লগা হয়।নিজৰ সুখ, ভাল লগা সকলো বোৰো ত্যাগ কৰিবলগা হয়।পত্নী হিচাপে এগৰাকী নাৰীয়ে সকলো বাধা নেওচি জীৱনৰ কন্টকময় পথত নিজৰ সপোন পাহৰি গৃহস্থী ধৰ্ম পালন কৰিব লাগে।
Tags

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ