অসমীয়াৰ জোৰ পুৰি হাত পালেহি,
ঘৰৰ ঘোৰ শত্ৰু আহি ঘৰৰ চোতাল পালেহি ;
যি শত্ৰুয়ে প্ৰতি মুহূৰ্ত্তে গাৰ ৰং সলনি কৰে ।
কেতিয়াবা নীলা শিয়াল হৈ হোৱা হোৱা কৰে,
কেতিয়াবা বনৰ ৰজা হৈ তৰ্জন- গৰ্জন কৰে ;
আকৌ সাধুৰ বেশ ধৰি ভাৰতীয় সংস্কৃতিৰ নামত
সমাজত ধৰ্মান্ধ সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰে
জেহাদ ঘোষণাৰ নামত ধৰ্মৰ বিভেদ সিঁচে ;
আৰবীয় গোড়ামী খিলঞ্জীয়াৰ ওপৰত জাপি দিয়ে।
লাচিতৰ হেংদাং তুলি লোৱা হে অসমীয়া যুৱ সেনা।
আলাবৈৰ যুদ্ধত হাজাৰ হাজাৰ শ্বহীদৰ তেজ দেখি
লাচিতৰ দেশপ্ৰেম আৰু বিদ্ৰোহী সত্বা জাগ্ৰত হ'ল,
ৰাতিৰ ভিতৰতে গড় বন্ধাত এলাহ কৰাৰ বাবে
মোমাইৰ ডিঙি কাটি ক'লে " দেশতকৈ মোমাই ডাঙৰ নহয় !"
নৰীয়া গাৰে শৰাইঘাটৰ ৰণক্ষেত্ৰত জঁপিয়াই পৰিল
হাজাৰ হাজাৰ অসমীয়া সৈন্যই আগবাঢ়ি গ'ল ;
বাঘ হাজৰিকাও দেশৰ মান ৰক্ষাৰ বাবে
ধৰ্মান্ধ গুৰুৰ উপদেশ উপেক্ষা কৰি অস্ত্ৰ হাতত তুলি ললে ।
সোতৰ বাৰ অসম আক্ৰমণ কৰা বিদেশী মোগলক পৰাস্ত কৰি অসমীয়া সৈন্যই অসমৰ স্বাধীনতা সংগ্ৰামত বিজয়ী হৈ স্বৰ্ণ ইতিহাস ৰচনা কৰিলে!
লাচিতৰ হেংদাং তুলি লোৱা হে অসমীয়া যুৱ সেনা।
ঘৰৰ মুখাপিন্ধা বিভেদকামী শত্ৰুৰ বিৰুদ্ধে
অসমৰ জাতি-ধৰ্ম- নিৰ্বিশেষে ঐক্যবদ্ধ হৈ
সমাজৰ বুকুত বিদ্ৰোহৰ জুই জ্বলাই দিয়া !
সমাজৰ বুকুত বিদ্ৰোহৰ জুই জ্বলাই দিয়া!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ