আহিলা
বাটৰ ধুলিৰে তুমি
বতাহত আবেগেৰে ছবি আঁকিলা
সৰা পাতে পাতে তুমি গীতৰ ৰাগিনী তুলি
বিৰহীৰ প্ৰাণে প্ৰাণে
সুকোমল প্ৰণয়ৰ
বীজ সিঁচি দিলা
আকাশত উজ্বলিল
সাতৰঙী যৌৱনৰ
ৰামধেনুখনি
মধুবনে বিজুবনে
চটিয়াই দিলা তুমি ৰঙৰ আবিৰ
প্ৰকৃতি বুকুত
বাজিল শংখধ্বনি
বসন্তৰ আগমনি গান
পলাশবনত লাগিল জুই, মদাৰো নাথাকে শুই
স্মৃতিৰ আঁচলখনি
পছোৱাৰ বা লাগে
উৰি যায় নীলিমাত
কোন সুন্দৰৰ ঠিকনা বিচাৰি, বিয়াকুল হৈ
ৰিমজিম বৰষাৰ টোপালে টোপালে
শুনি কাৰ আলসুৱা সুৰৰ গুঞ্জন
ফুলৰ পাহিত পৰি
অলি গুণ গুণ
গছে গছে ডালে ডালে
ন কুঁহিপাতৰ সপোন
ফাগুন নহয় এটি মাহ
ফাগুন জীৱন সপোন
ফাগুন বিৰহী প্ৰাণৰ দাপোন
ফাগুন যৌৱনৰ
আশা ভৰা গান।।
✍️ৰেণু শৰ্মা, ডিব্ৰুগড়

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ