এটি এটি নতুন পৃষ্ঠা
য'ত থাকে-
জীৱনৰ হিচাপ-নিকাচ
সময়ৰ খটিয়ান।
জিলিকি থাকে--
প্ৰতিবিম্ব প্ৰতি মুহূৰ্তৰ।
প্ৰতিফলন ঘটে কৃতকৰ্মৰ
আৱেগৰ পৰা বিবেকলৈকে প্ৰসাৰিত।
পৃষ্ঠাবোৰত দেখোঁ
নিজৰেই প্ৰতিচ্ছবি
হাঁহিৰ স্ফুলিংগ নতু
দুটোপাল চকুপানী।
সূৰুযৰ প্ৰথম কিৰণৰ পৰা
নিশাৰ প্ৰথম প্ৰহৰলৈকে
কলমে পূৰ্ণ কৰা
কাম আৰু আৱেগৰ
শব্দৰ মালাৰে
পাৰ হয় এনেদৰে পৃষ্ঠাৰ
পিছত পৃষ্ঠা
মোৰ ডায়েৰীৰ..।
আয়নাল হক চৌধুৰী
ধুবুৰী , আগমণি
7002525020

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ