নিষ্ফল প্ৰণয়ৰ ধূসৰিত ছবি••নিপু কুমাৰ দাস

Rinku Rajowar
0
মোৰ প্ৰেমৰ স্ৰোতস্বিনী দুখত 
নাই ভাগৰা,মই ভাগৰা নাই 
আৰু মই নাভাগৰোঁ
যত বিৰহ বিষাদ যন্ত্ৰণাই
খুলি খালেও যেন হিয়া মোৰ 

এই জীৱন-প্ৰণয়ৰ গোলকীয় উষ্ণতা 
জ্বলে জ্বলোক কলিজা 
নীৰৱেই সহিছোঁ মই, মাটিৰ মানুহ হৈ
এদিনতো মাটিৰ স'তে মিলি 
হম যেন মাটিৰ উৰ্বৰতা    

মোৰ ফাগুন অহা বাটত যেন 
তুমি ধূলিয়ৰি হৈ উৰি উৰি
সৰাপাত হৈ নিজেই সৰি ৰ'লা
কি যে এই ৰং হালধীয়া 
অস্তাকাশত বেলিৰ ৰহণ   

সেউজী পাতৰ দৰেই এই জীৱন
তথাপিতো বুজিও নুবুজিলা
জানিও নাজানিলা 
এই জীৱন মাঁথো দুদিনীয়া 
নিষ্ফল প্ৰণয়ৰ ধূসৰিত জীয়া ছবি----।

                  ***

কবিৰ ঠিকনা:
নিপু কুমাৰ দাস 
কাজিপাৰা, নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)