আজি সেই নদীখন শুকাই
অৱশেষত এখন বিশাল মৰুভূমি হ'ল।
সোনালী সোঁৱণশিৰিৰ বক্ষখনি
আজি উকা উৰুঙা উদাস হ'ল।
চিনাকী সোঁৱনশিৰিৰ এতিয়া
এখন অচিনাকী এটি ৰূপ হ'ল
সোণৰ নদীত আজি সকলোৱে
খোজ কাঢ়ি ইপাৰ -সিপাৰ হ'ল।
যেনিয়েই চাই চৌদিশে দেখিব মাথোঁ,
বালিৰ আবৃত বগা এখনি আৱৰণ।
নাই তাত পানীৰ বিশাল গভীৰতা,
নাও তাত নচলে,চলিলে ডাঙৰ বাহন।
যি সোঁৱণশিৰি ধেমাজিৰ বাবে গৌৰৱ
উজনি অসমৰ বাবে সদায়
এক আয়ুস ৰেখা স্বৰূপ
সেই সোণালী সোঁৱনশিৰি নৈখন
এতিয়া চৌদিশে শুকাই গৈছে.....!
একমাত্ৰ ডাইভাৰ জনৰ মৃত্যু হোৱাত
নৈখন আজি নিশ্চিহ্ন দিশত,
নৈখনৰ লগতে হেৰুৱায় গ'ল
নৈপৰীয়া ৰাইজৰ এটুপি বিশুদ্ধ পানী।
হাজাৰ হাজাৰ প্ৰজাতিৰ ভিন্ন ভিন্ন
প্ৰকাৰৰ মাছ আৰু কাছবোৰ।
এতিয়া লাহে লাহে সোঁৱনশিৰিৰ
বিশাল বকুত পানী আহিছে,
যদিও সেয়া সম্পূৰ্ণভাবে সোঁৱনশিৰিৰ
ৰাইজৰ বাবে এক সন্তুষ্ট নহয় ।
নালাকে আমাক জলবিদ্যুৎ প্ৰকল্প
মাথোঁ এটা আহ্বান প্ৰশাসন লৈ...
সেই সোণৰ চেঁকুৰাৰে ভৰপুৰ আবেগৰ সোঁৱনশিৰি নৈখনক উভতাই দিয়ক ।
📌নৱজিৎ নাথ।
ছিপাঝাৰ ,দৰং

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ