আবেগৰ উন্মাদ ঢৌ উঠে
অচিন মায়াত
উটি-ভাঁহি যায় নিজস্বতা
ই অলৌকিক শক্তি..।
ইয়াৰ স্পৰ্শত
জেকা হৃদয় হয় তেজাল
নান্দনিক ৰঙেৰে ৰঙীন হয় দশোদিশ
আশাবোৰে পূৰ্ণতা পাই ক্ষণতে
জটিলবোৰ হয় সহজ
বাস্তৱ হয় অবাস্তৱ..।
দ্ৰুত গতিত বিচৰণ কৰে চিত
ধৰাৰ বক্ষত
সীমাহীন আনন্দত উপচি পৰে
দেহ,মন
ইয়াৰ চহৰ যে সৰ্ব্বদা ৰঙীন
মিছা মায়া সব অৰ্থহীন..!
✍️ সঞ্জীৱ চৰকাৰ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ