এজাক বৃষ্টি হৈ আহিবা এদিন তুমি
মোৰ ৰিক্ত হৃদয় খনিলৈ,
মোৰ যন্ত্ৰণাৰ এভাগী সাৱটি লবা,
নিশাৰ নিৰ্জনতাত ফুলি ৰবা
এপাহি অনাঘ্ৰাত ৰজনীগন্ধা হৈ,
তোমাৰ প্ৰেমেৰে মোৰ পদূলিত খোজ থবা,
তোমাৰ সান্নিধ্যত পাৰ হব
ক'ত ক'ত জোৱাৰ ,
ক'ত অনাবিল সৃষ্টিৰ বাসনা ,
স্মৃতিৰ পাপৰিবোৰ বুটলি
তুমি মোৰ মাজত বাস্তৱৰ
ফুল হৈ ফুলি ৰবা হৃদয়ত চিৰদিন ,
তোমাৰ অপূৰ্ব সুবাসত মই
হৈ ৰম বিস্ময় বিমুগ্ধ ।
✍ জ্যোতিষ্ক বৰুৱা
নামৰূপ/অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

সুন্দৰ
ReplyDelete