তোমালৈ ৰৈ আছোঁ নীৰৱে
ফাগুনৰ ৰং আকি হৃদয়ত
অভিমানী শব্দৰে ডায়েৰিৰ
প্ৰতিটো উকা পৃষ্ঠা সম্পূৰ্ণ কৰি।
মনলৈ এটি সুৰ হৈ ভাঁহি আহিছে
গ্ৰন্থৰ পৃষ্ঠাৰ সেই শব্দবোৰৰ পৰা
ফাগুনৰ ৰাগিয়ে উন্মনা কৰিছে
প্ৰতি নিশাৰ মৌনতাই মোক
নিঃসংগতাৰ মাজলৈ ঠেলি নিছে
ফাগুনৰ ৰাগিত উৰিব খোজে
মোৰ এই উন্মনা অভিমানী মন ।
প্ৰতিবাৰৰ দৰে এইবাৰো মই
ফাগুনৰ প্ৰেমত পৰিছোঁ
এমুঠি দুমুঠিকৈ সপোন সিচিছোঁ
অনুভৱৰ শব্দৰে মতলীয়া
ফাগুনৰ কবিতা লিখিছোঁ
সৰাপাতবোৰে উচুপি উঠাৰ দৰে
নীৰৱতাত মইও উচুপি উঠিছো
ফাগুনৰ দৰে নেকি মই ।
ফাগুনৰ কথা ভাবি থাকোঁতেই
মৰমৰ ফাগুনে আহি মোৰ
অনুভৱী মনক জগালেহি
আৱেগ ঢালি কবিতা লিখিবলৈ
হৃদয়ৰ শব্দৰে প্ৰকাশ কৰিবলৈ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ