প্ৰতিযোগিতা•ৰঞ্জিত শৰ্মা

Rinku Rajowar
0
জিকাৰ খেল খেলিব নোৱাৰিলো কেতিয়াও 
খেলি খেলি হাৰো
এইখন মানুহৰ খেল...
খেলি খেলি ভাগৰুৱা হৈ উঠি উঠি খেলোঁ
ৰূপৰ প্ৰতিযোগিতা
গুণৰ প্ৰতিযোগিতা
ধনৰ প্ৰতিযোগিতা
মান সন্মানৰ প্ৰতিযোগিতা
তথাপিও মইও প্ৰতিযোগী ৷ মইও মানুহ
মোৰ ভাগৰুৱা মনৰ , ভাগৰুৱা দেহৰ ,
চকুলোৰ প্ৰতিযোগিতা ৷

মোক জীপাল কৰি তোলে প্ৰকৃতিয়ে
কাহানিও প্ৰতিযোগিতা কৰিব নিদিয়ে
প্ৰকৃতি নিস্বাৰ্থ ! প্ৰকৃতি নিমাত !
প্ৰকৃতিয়ে সকলোকে সমানে চাই
সমানে পোহৰ বিলায়
সমানে উশাহ বিলায়
মই প্ৰকৃতিৰ লগত হাঁহিব বিচাৰোঁ
প্ৰকৃতিৰ বুকুত উৰিব বিচাৰোঁ
প্ৰকৃতিৰ বুকুত বিলীন হ’ব বিচাৰোঁ ৷

এদিন এদিনকৈ সকলো মানুহৰেই—
মানুহৰ দেহাবোৰ 
মানুহৰ হাড়বোৰ
মানুহৰ প্ৰতিযোগিতাবোৰ
মানুহৰ স্বাৰ্থপৰতা , অহংকাৰবোৰ
হাৰি যাব প্ৰকৃতিৰ লগত
কাৰণ, প্ৰকৃতিয়ে প্ৰতিযোগিতা নকৰে ৷


                ✍🏾ৰঞ্জিত শৰ্মা 
                      ঢকুৱাখনা,লখিমপুৰ
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)