সকলো জানা তুমি।
তথাপিও কৈছোঁ শুনা……
ভাল পাওঁ তোমাক………
ভালটো মই সকলোকে নিস্বাৰ্থ ভাবে পাওঁ…কিন্তু
তুমি যেন মোৰ বিশেষ।
ঈশ্বৰৰ পূজাৰ দৰে গভীৰ মোৰ প্ৰেম।
মোৰ প্ৰেম বিশাল।তোমাৰ হৃদয়ৰ
কোনভাচত জীয়াই থকাৰ
মাদকতা অনুভৱ কৰোঁ।
প্ৰত্যেক মানুহৰে মন একে নহয় নীৰৱ।
তুমিটো মোক বুজি পোৱা নহয়?
তুমি যেতিয়া কলেজ আহিছিলা
আন দহজনৰ চকুৰে মইও
তোমাক চাইছিলো কিন্তু
সময়ে যেন মোক তোমাক
বুজিবৰ সুবিধা দিলে আৰু
মই কাহানিও ভবা নাছিলো যে
তুমি মোৰ জীৱনত এনেকৈ
গুৰুত্বপূৰ্ণ হৈ যাবা বুলি।
প্ৰেমৰ তাজমহল কোনোবাই গঢ়ে
কোনোবাই ধ্বংস কৰে নহয় জানো?
যৌৱনৰ প্ৰথম পুৱাতে সংগোপনে
আহি মোৰ হৃদয়ত টুকুৰিয়াইছিলা।
মই তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ।নীৰৱ ভাল পাওঁ মই তোমাক।
✍️মৃন্ময় দাস

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ