হেঁপাহবোৰ, বিহলঙনিবোৰ হেৰালা কিয়?? নে হেৰুৱাৰ ভাও ধৰিছা???? শেষ ভাওনাৰ
ভাৱৰীয়া হ'ব খুজিছা??
কিয় পাহৰিলা সেই ৬ নং দফা,
আত্মাৰ আমৰণ চুক্তি, যত স্পষ্ট ভাৱে লিখা আছে
আমি দুয়ো দুয়োৰে সুৰক্ষা কৱচ......
এয়াতো অসম চুক্তিও নহয়,,,, বাৰে বাৰে
ৰাজনীতিৰ হাৱা লাগিব।
বহু ৰাতি নীলা হোৱাৰ পৰত
দেখা সপোন বোৰৰ কি হ'ব ? নে সেয়াও
কোনোবা নেতাৰ বক্তব্যৰ দৰে হ'ব!
মহাদেৱৰ দৰে বোৱাই আনি
মোৰ জঁটাত ধাৰণ কৰিছিলোঁ।
আৰু আজি মোৰ বে -চিজিল
চুলি কেইডাল দেখি হাঁহা।
ভয় নকৰোঁ, ফিনিক্স হৈ নৱজন্ম লম..
ইচ্ছা মৃত্যু মোৰো আছে ,, মাথোঁ প্ৰয়োজন
কৱচ কুণ্ডলৰ।
কাৰোবাৰ চলনাত সিও আজি পৰিচয় বিহীন।
থিৰাং কৰা হ'ল -
আকৰ্ষন কৰিম
ক'লা তৰা হৈ ।।।।
✍️ হৃদয়ানন্দ হাজৰিকা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ