বিচাৰি ফুৰ প্ৰতি মূহুৰ্ততে চল,
ঠগ প্ৰৱঞ্চনাৰ কত বাৰিষাৰ ঢল,
জুতি পুতিৰে খালি কত ফল,
চাতুৰিৰ টাকুৰিত কোন কিমান সফল?
কাৰ দুবাহুত আছে বল,
সুমধুৰ বাক্যবাণত কৰি তল- বল
সুবিধাবাদীৰ চলে অহৰহ কল,
ক'ত লগালে নল, ক'ত ওলালে জল।
দুবাহুৰ শকতিৰে কোন কিমান উজ্জ্বল।
সৰলতা - মানৱতাক কৰি বিকল,
হাবিয়াস পূৰাবলৈ এপল দুপল
কাৰ চকুত বয় অশ্ৰুৰ ঢল,
দুখবোৰ হাঁহিবোৰ ক'বলৈ নাই থল,
জীৱন জীৱন কাৰ জীৱন নিস্ফল!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ