অভিমানী বৰষুণজাক( খণ্ড -১৩)- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
জীৱনৰ যাত্ৰাত কোনো ধৰণৰ বাধা নোহোৱাকৈ আগুৱাই যোৱাৰ কথা ভাবিলেও আমি সহজভাৱে আগুৱাই যাব নোৱাৰোঁ। জীৱনৰ কিছুমান মূহুৰ্তত আমি খলা-বমা পথেৰেও গতি কৰিব লাগে। কেতিয়াবা বহুত সুখ আৰু কেতিয়াবা বহুত দুখৰ মাজতো নিজকে আগুৱাই লৈ যাব লগা হয়।
শিখাৰ জীৱনটো তেনেকৈ সকলো সলনি হৈ গৈছিল। হঠাৎ বুলি ঠিক ক'ব নোৱাৰি কিয়নো তাই সৰুৰে পৰাই অসুস্থ আছিল। ইমানদিনে তাই যেনেকৈ কষ্টত জীৱনৰ প্ৰতিটো খোজ দিছিল ঠিক তেনেকৈ তাইৰ মাক, বায়েকেও কিমান কষ্ট স্বীকাৰ কৰিছিল তাৰ হয়তো হিচাপ নাই।
              সৰু ডাঙৰ ৰোগে আমাক কোনোবা এটা সময়ত আহি লগ দিয়ে।শিখাকো তেনেকৈ লগ দিছিল এটা জটিল ৰোগে। যিটো ৰোগ অপাৰেশ্যন কৰাৰ পিছত ভাল হ'ব নে নহয় কোনেও ক'ব নোৱাৰিছিল। কিন্তু কিছুমানৰ অপাৰেশ্যন কৰাৰ পিছত সকলো আগৰ দৰে হৈ পৰে লাহে লাহে। শিখাৰো অপাৰেশ্যন সফলভাৱে সমাপ্ত হ'ল আৰু তাই এতিয়া সুস্থ হৈছে আগতকৈ।তাই হস্পিটেলৰ পৰা ঘৰলৈ অহা আজি ১৫ দিন হৈ গ'ল।আজি তাইক আকৌ হস্পিটাললৈ মাতিছে।
••••••• অ বা তোৰ উঠিবলৈ হোৱা নাই নেকি? ৰাতি দেৰিলৈকে ম'বাইল চাই থাকিবি আৰু এতিয়া শুই আছ।মা আহিছে কিন্তু গালি খোৱা আগতে উঠ সোনকালে। ঐ....ঐ.... উঠ আক।
•••••••আৰু  অলপ শুই লওঁ ৰহ।
•••••• কেইটা বাজিলে চাচোন চকুদুটা মেলি।
••••••• অহ শেষ। ৯ টা বাজিবৰ হ'ল।মৰিলো মই আজি।আজি দেৰিয়ে হ'ব চাগে।
•••••• সেই এইজনী। মই সকলো কাম কৰিলোঁ তই কেৱল উঠি গা ধুই ভাত খাই অফিচ গ'লেই হ'ল।উঠ উঠ উঠ সোনকালে।
••••••• তই আক কিয় কৰিব লাগে।
••••• কি হ'বনো কৰিলে।মা আৰু তই মোৰ কাৰণে কিমান কৰিলি আৰু এতিয়াটো মই সম্পূৰ্ণৰূপে সুস্থ।
•••••• সুস্থ হৈছ বুলি কৰিব লাগে নেকি? মই আছোঁ নহয় । মোক উঠাই দিয়া হ'লে হয়।
••••••• হ'ব দে কিমাননো কাম কেইটামানহে।
•••••• কিবা খালি নাই?
•••••• তোলৈ ৰৈ আছোঁ। সোনকালে মুখ ধুই আহ যা।
••••••• মুখ ধুবলৈ সময় নাই অ।গা ধুই আহো একেবাৰে ভাত খাই ওলাবলৈ হ'লেই।মা ক'ত?
•••••• বাহিৰতে আছে।তই তেনে গা ধুই আহগৈ সোনকালে।আৰু যে...
••••• আৰু যে কি?
••••• আজি শনিবাৰ ন?
•••• মোৰ মনত আছে শনিবাৰ বুলি।
••••• নহয় মানে আজি ক'ৰবাত যোৱাৰ কথা আছিল যে।
••••• মোৰ মনত আছে ভণ্টি।তই ওলাই থাকিবি।
•••••• ইয়ে তই ইমান ভাল বা।
•••••• হ'ব হ'ব সৰু ছোৱালী জনীৰ দৰে কৰি থাকিব নালাগে।তই কিন্তু প্ৰথমতে মাৰ লগত হস্পিটেলৰ পৰা গৈ আহিবি । চাবি কিন্তু বতৰ বেয়া কৰা দেখিলে ৰৈ নাথাকিবি।
•••••• অভিমানী বৰষুণজাকে অভিমান কৰা যেন উমান পালে ক্ষন্তেক সময় অপেক্ষা কৰিম অভিমান কৰিবলৈ।অভিমান বৰষুণজাকত তিতিবলৈ।
•••••• অভিমানী বৰষুণজাক তোৰ কিয় ইমান প্ৰিয়?
•••••• পিছত এদিন কম অভিমানী বৰষুণজাক কিয় মোৰ প্ৰিয়।

আগলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)