সিদিনা দেখিছিলোঁ মই
শিশু আছিল শব্দ বৰ্ণৰ কবিতা
এতিয়া দেখিছোঁ মই
সময়ৰ গতিত ৰমন্যাসিক কবিতা !
কবিতা মানেই ভাৱৰ বুৰবুৰণি
মস্তিষ্কত জাগ্ৰত হৃদয়ৰ পৰা নিৰ্গত
কালৰ কোৱত গলিত বিগলিত
ধ্বংসস্তুপ্ত অৱস্থাত সৃষ্টি সৃজনৰ বুলনি।
বিন্দুতে সিন্ধুৰ সন্ধান বিচাৰি
বাৰিষাৰ বৰষুণ বানৰ দৰে উপচি পৰি
বিভীষিকা প্ৰলয়তো সাহস ধৈৰ্য্যৰ বঠা ধৰি
মানৱতা ভাতৃত্বৰ ভাৱ জাগৰণ কৰি
ওলাই আহে বৰ্ণ শব্দ স্বৰূপে
পূৰণিকলীয়া ভাৱধাৰাক নেওচি এতিয়া
ৰোমাণ্টিক ভাৱনাৰ সৃষ্টি কৰি।
✍️যুৱৰাজ বাচকোটা
চতিয়া, বিশ্বনাথ,অসম।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ