মানুহ জনে কৈ গৈছিল যে ঘৰ ভাড়াৰ বাবে ২৫০০ টকা , ল'ৰাৰ টিউচনৰ বাবে ১৫০০ টকা, বজাৰ কৰাৰ বাবে ৫০০ টকা, ল'ৰাৰ কিতাপ বহীৰ বাবে ৫০০ টকা মুঠতে আজি পইচা হাতত নৰয় সকলো খৰচ যাব
আজি সেই মানুহ জনে মাহিলী টকা পাইছে
তেওঁ গাখীৰ বিক্ৰী কৰে কিন্তু তেওঁ সদায় টকা নাপায় চহৰত তেওঁৰ গাখীৰ কিনা মানুহ বোৰে মাহিলী হিচাপত তেওঁক টকা দিয়ে
এনেতে তেওঁৰ মনত পৰিল যে তেওঁৰ সৰু ল'ৰাটোয়ে দুটা চকলেট আনিব কৈছিল কিন্তু তেওঁৰ হাতত চকলেটৰ বাবে পইচা নাছিল কিয়নো বাকীখিনি পইচা ইটো সিটো কিনোতে খৰচ হ'ব কিন্তু তেওঁ ল'ৰাটোই চকলেট ভাল পাই বাবে নিজৰ বাবে এটা নতুন গেঞ্জী কিনিবৰ বাবে ৰখা পইচা খিনিৰে দুটা ভাল দামী চকলেট কিনিলে অথচ তেওঁ পিন্ধি থকা গেঞ্জী টো নিগনি য়ে কূটিছিল ।
তেওঁ লক্ষ্য কৰা নাছিল যে তেওঁৰ পিছত এজন ল'ৰা আহি আছিল সেই ল'ৰা জন আছিল তেওঁৰ ল'ৰা প্ৰহ্লাদ
সেই ল'ৰাজনৰ চকুৰ পৰা চকু পানী ওলাল কাৰণ সেই লৰাটোৱে কিতাপ পঢ়াৰ অভিনয় কৰি ইণ্টাৰনেটৰ ৰঙীন পৃথিৱীত থাকে সি দেখা পালে যে দেউতাকে ইমান কষ্টৰ মাজত পইচা হিচাপ কৰি মোৰ বাবে চকলেট কিনিছে মই এতিয়াৰ পৰা নিজৰ কামত মনোযোগ দিম মোৰ কাম হৈছে পঢ়া শুনা কৰা, শিক্ষা লাভ কৰা শিক্ষকক সন্মান জনোৱা এইবুলি সংকল্প ললে আৰু এইবোৰ অনুকৰণ কৰিলে আজি সেই ল'ৰাটো এজন ভাল চিকিৎসক
আৰু তেওঁৰ দেউতাক আজি এই পৃথিৱীত নাই তেওঁৰ গাখীৰ বিক্ৰী কৰা চাইকেল খন দেখি আজি সেই চিকিৎসক ল'ৰাটোই দুখত আছে অ' দেউতা ,অ' দেউতা দেউতা, দেউতা দেউতা ,দেউতা

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ