নতুন আশা - হিৰণ্যময় বৰুৱা

©Admin
0
                  
নৈখনৰ পাৰ বান্ধিছে
দুয়োপাৰে দেখিছোঁ
নতুনৰ সৃষ্টি হৈছে

বেলি ডুবাৰ পৰত
নতুন মুখৰ মানুহৰ
ভীৰ বাৰুকৈয়ে কৰিছে

চৰায়ে নিদিয়ে মাত
আকাশখনেই সিহতৰ
অহা যোৱা বাট

নৈখনে আপোন পৰ নুবুজে
আপুনি ময়ো যেনেকৈ বুজোঁ
তেতিয়াহলে নৈখনে ভেটিছে কাক?

লুইতখনৰ বুকুত এতিয়া জাহাজ চলে
চকুমেলি দিলেই সকলোৱে
সাগৰ যেন দেখে


হিয়াখন মোৰ থৌকি বাথৌ কৰে
নৈখনে মোক মনে মনে সোধে
কিমান বাৰ নেখান্দে মোৰ বুকু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)