আজিৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নাগৰিক। বৰ্তমান সময়ৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে সততে দৃষ্টি গোচৰ হোৱা ভৱিষ্যতৰ নাগৰিকসকলৰ অৰ্থাৎ যুৱ সম্পৰ্কীয় এটা গুৰুতৰ সমস্যা হৈছে যুৱ উচ্ছৃঙ্খলতা। সাম্প্ৰতিক সময়ত এই কিশোৰ-কিশোৰী অথবা যুৱক-যুৱতীয়ে কৰা অপৰাধৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধিয়ে সচেতন মহলক চিন্তিত কৰি তুলিছে। আজিৰ যুৱ প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাই এনে এটা পৰ্য্যায় পাইছেগৈ যে তাক নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিছে।ৰাজ্য কপাই যোৱা শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ এজন ফুলকুমলীয়া ছাত্ৰই শিক্ষকক হত্যা কৰা ঘটনাটো ইয়াৰেই পৰিণতি।এই ধৰণৰ নিত্য নৈমিত্তিক যুৱ অপৰাধৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পায় আহিবলৈ ধৰিছে।
কথা হ'ল যে যুৱ চামৰ এনে সংকটজনক অৱস্থাৰ আঁৰৰ কাৰণসমূহ কেনেধৰণৰ!এই সম্পৰ্কত ফঁহিয়াই চালে দৃষ্টি নিৱদ্ধ হোৱা কেইটামান গুৰুত্বপূৰ্ণ কাৰণ হৈছে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ অভাৱৰ লগতে সামাজিক সাংস্কৃতিক সম্পৰ্কৰ শিথিলতাৰ ফলশ্ৰুতিত হোৱা মূল্যবোধৰ অৱক্ষয়। বৰ্তমানৰ পৰীক্ষাকেন্দ্ৰীক শিক্ষাব্যৱস্থাত নৈতিক শিক্ষাক আওকাণ কৰাৰ ফলত ছাত্ৰ সমাজে বিদ্যালয়ত নৈতিক আৰু আধ্যাত্মিক শিক্ষা লাভ কৰিব পৰা নাই। আধুনিকতাৰ ধামখুমীয়াত বিলীন হৈ যোৱা অভিভাৱক সকলৰো নিজ সন্তানক নৈতিক শিক্ষা দিবলৈ আহৰি নাই। নীতিশিক্ষামূলক সাধু কথা পঢ়া শিশু অথবা কিশোৰ কিশোৰীৰ সংখ্যা তেনেই তাকৰ। তদুপৰি ককা আইতা অথবা জ্যেষ্ঠজনৰ সাধু শুনি শুনি শুৱা দিনকালো আৰু নাই। এইসমূহৰ পৰিৱৰ্তে শিশুসকল কিহত ব্যস্ত? আজৰি সময়ত মোবাইল, কম্পিউটাৰত ভিন ভিন প্ৰকাৰৰ গেম খেলাত!কোঠাৰ ভিতৰ আৱদ্ধ হৈ টিভি বিভিন্ন চেনেলে সম্প্ৰচাৰ কৰা ধাৰাবাহিক নতুবা ছবি চোৱাত! য'ত প্ৰচাৰিত হয় কিছুমান নৃশংস হত্যা, প্ৰেম, ধৰ্ষণ ইত্যাদি৷ এনে কাহিনীবোৰৰ জৰিয়তেই তেওঁলোকৰ মনত অংকুৰিত হয় অপৰাধৰ প্ৰৱণতাৰ অথবা বিশৃঙ্খল মানসিকতা বীজ।
"শিশুৰ বাবে ঘৰখনকেই হৈছে শিক্ষা জীৱনৰ প্ৰথম কঠিয়াতলি"।সেয়ে উঠি অহা এই যুৱচামৰ ওপৰত ঘৰখনৰ দায়িত্ব অসীম। যুৱক-যুৱতীসকলৰ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষালাভৰ আধাৰস্বৰূপ হ'ল ঘৰখন৷ ঘৰুৱা পৰিৱেশে যুৱক-যুৱতীৰ চৰিত্ৰ গঠনত বিশেষ প্ৰভাৱ পেলায়৷পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰৰ জৰিয়তে মনৰ খবৰ ৰখাটো জৰুৰী। তেওঁলোকৰ অনুসন্ধিৎসু মনৰ কৌতুহল পূৰণৰ বাবে সতৰ্কভাৱে বিষয়সমূহ জ্ঞাত কৰোৱাব লাগে। সন্তানক মানৱতা, দয়া, বিশ্বাস, সন্মান ইত্যাদি গুণসমূহ আয়ত্ত কৰাত পিতৃ-মাতৃয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে৷
এইক্ষেত্ৰত দ্বিতীয়তে শিক্ষানুষ্ঠান এখনৰ দায়িত্ব গধুৰ। বিদ্যালয়ৰ পৰিৱেশ, শিক্ষা ব্যৱস্থা, পাঠ্যক্ৰম, শিক্ষকৰ প্ৰভাৱ আদি বিষয়বোৰেও যুৱক-যুৱতীসকলক প্ৰভাৱান্বিত কৰে। সাম্প্ৰতিক সময়ত বিশ্বায়ন আৰু আধুনিকতাৰ কবলত পৰি শিক্ষা ব্যৱস্থা প্ৰতিযোগিতামুখী, পৰীক্ষাকেন্দ্ৰীক হৈ উঠি নৈতিকতাৰ দিশে পিঠি দিছে।যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল আত্মকেন্দ্ৰীক হৈ একো একো কৃত্ৰিম যন্ত্ৰলৈ পৰ্যবসিত হৈছে।
যুৱ প্ৰজন্মৰ বাবে এটা অনুকূল বাতাবৰণ সৃষ্টিৰ বাবে প্ৰথমে পৰিয়ালেই আহোপুৰুষাৰ্থ কৰিব লাগিব। য'ত নৈতিকতা, মূল্যবোধৰ শিক্ষা প্ৰাপ্তিৰ পূৰ্ণ সুযোগ থাকে। আত্মকেন্দ্ৰীক, ভোগবাদ, অপ সংস্কৃতিপূৰ্ণ পৰিৱেশৰ পৰিৱৰ্তে সামাজিক সাংস্কৃতিক মূল্যবোধৰ এটা বাতাবৰণেহে যুৱ উচ্ছৃঙ্খলতাৰ দৰে সমস্যাৰ বীজ উভলাত অৰিহণা যোগাব।
পৰিশেষত ছাত্ৰৰ হাতত প্ৰাণ হেৰুৱা শ্ৰদ্ধাৰ শিক্ষকগৰাকীলৈ অসমীয়া সাহিত্যৰ চানেকিৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
সম্পাদক
ৰেবিকা নেওগ
অসমীয়া সাহিত্যৰ চানেকি

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ