: মানুহ চিনাৰ বৰ সহজ নহয়। এই যে আমি কওঁ মানুহজন /মানুহজনীৰ লগত এসপ্তাহ / মাহ ধৰি কথা পাতি আছোঁ । তেওঁ কথা বতৰা বহুত ভাল সময় মতে প্রতিটো খবৰ লয় ,প্রতিটো খবৰ ৰাখে । সেই সময়ত তেনেলোকক মহান ব্যক্তি হিচাপে গণ্য কৰি পেলাও তেনেলোকৰ সমান ভাল আৰু জ্ঞানী ব্যক্তিৰ অভাৱ তেতিয়াই আমি ভুলটো কৰি পেলাওঁ নহয় নে?
আনহাতে মানুহজনে /মানুহজনীয়ে মধ্যপান কৰে, অশ্লীল কথা কয় তেনেলোকক আমি বেয়া বুলি গণ্য কৰো।
আচলতে তেনেকুৱা নহয় সৎ মানুহ তেতিয়াই চিনি পোৱা যায় যিয়ে তোমাক আগবাঢ়ি যোৱাত সহায় কৰে, প্রেৰণা দিয়ে আৰু দুখৰ সময়ত থিয় দিয়ে।
আমি বহু মানুহক পাহৰি যাওঁ যিয়ে আমাক প্রথম খোজ পেলাও তে সহায় কৰি আহিছে। তেনেলোকৰ অলপমান ভুল দেখিলে তেনেলোক বেয়া বুলি আমি ভাবি লওঁ। আমি পাহৰি যাওঁ তেনেলোকে দি যোৱা প্রেৰণা, সাহসৰ কথা ।
আমি জানো, মানুহ মাত্ৰেই ভুল তেনে সত্বেও আমি একে ভুলকে কৰি পেলাও (মানুহ চিনি পোৱাত) ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ