মোৰ মৃত্যুৰ বাতৰিটো পাই তুমি আহিবানে!
উকা কাপোৰেৰে ঢাক খাই পৰা শৱদেহটো
পদূলিমুখতেই শুৱাই থʼব;
তুমি মোৰ শেঁতা ওঠদুটি এবাৰ স্পৰ্শ কৰি
দুহাত বুলাই দিবা দেই...
তোমাক চাই কোনোবাই কাৰোবাৰ কাণে কাণে
কিবা কʼব, তুমি নুশুনিবা;
কোনোবাই তোমাক সুধিব পাৰে কোন তুমি বুলি!
তুমি একো নকʼবা...
তোমাৰ দুগালেৰে বৈ অহা অশ্ৰুকণাবোৰেৰে
উকা কাপোৰখনত লিখি দিবা তোমাৰ ক্ষোভ অথবা যন্ত্ৰণা!
যদি অকণমান আদৰ কৰিব খোজা
শুই থকা মোৰ মুৰটোত হাত বুলাই মৰম যাঁচিবা!
শেষ বুলিলেও স্মৃতিবোৰ সদায় সজীৱ হৈ ৰʼব
বকুলৰ তল সৰা কথাবোৰে হয়টো এদিন আমনি কৰিব...
দুহাতৰ পৰশ বুলাই আনে নেদেখাকৈ
আকৌ উকা কাপোৰেৰে ঢাকি দিবা নিঠৰ দেহ!
পিন্ধি থকা চোলাটোৰ জেপত তুমি দিয়া চিঠিখন ৰাখিম
গোপনে লৈ যাবা সেই সৰু টুকুৰাটো,
যʼত লিখা আছে তোমাৰ হৃদয়ৰ অনুভৱ!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ