মই জীয়াই আছোঁ,
জীয়াই থাকিবলৈ অহৰহ চেষ্টা কৰিছোঁ।
চাৰিওফালে আচ্ছাদিত
জীৱন ধাৰাৰ সুষমা,
চেতনাৰ এচমকা তেজ:দীপ্তি কণ্ঠস্বৰত
মই আল্লাহিত হৈছোঁ।
মোৰ নীলাভ আশাবোৰ জিলিকা পাখিৰ দৰে
সপোনৰ কলৰৱত
উদ্ভাষিত অবিৰত অমৃতময় আশ্বাসত
প্ৰাণৱন্ত হৈ পৰিছোঁ।
সময়ে সৃষ্টি কৰে
যুগে যুগে
অসীম বিশ্বাসৰ মুক্ত গান,
সেই গানৰ লহৰত মই আগবাঢ়িছোঁ,
কৃতকাৰ্যতাৰ উচ্চ শিখৰত বগাই যাবলৈ অবিৰাম যুঁজি গৈছোঁ।
মুক্তি কামী মই,
সৃষ্টি কামী হৈ,
এই ধৰাৰ বাৰ্তাবাহক মই।দেশৰ কেঁচা মাটিৰ পৰশত
জীয়াই আছোঁ মই
জীয়াই আছোঁ মই...।।
_________________________

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ