শিক্ষাগুৰু তুমি মহান,
জীৱন জ্যোতিৰ দিশা বিলাই
কৰা জ্ঞান দান।
মাতৃ-পিতৃৰ পিছত
তুমিয়েই দ্বিতীয় পথ-প্ৰদৰ্শক,
অজ্ঞানতাৰ এন্ধাৰ আঁতৰাই
শিক্ষকৰ কাষত আমি দৰ্শক।
জীৱন পৃষ্ঠাৰ ভবিষ্যত
শিক্ষকৰ হাততেই সীমাবদ্ধ,
যদিহে কৰিব পাৰোঁ
সৎ মনোযোগেৰে আৱদ্ধ।
যুগে যুগে যুগান্তৰ
নিস্বাৰ্থ প্ৰাণময় অন্তৰ
শিক্ষকৰ পৱিত্ৰ স্থান
সদায় হৈ থাকক অমৰ।
✍️ৰুম্পী দাস
হোজাই

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ