এবাৰ হেঁপাহ পলুৱাই
উচুপিব পৰা হ'লে
এবাৰ কাষলৈ আহানা দেউতা
তুমি বিহীন জীৱন জীয়াবলৈ
বৰ কষ্ট হৈছে অ দেউতা।
নোৱাৰিছোঁ তোমাৰ অবিহনে
তোমাক অকলশৰে থকা
শুকান বননিৰ মাজত তেনেকৈ
চাই থাকিব নোৱাৰোঁ দেউতা
তুমি মৌন হৈ থাকিলে
বৰ ভয় লাগে দেউতা
বহু কথাই মনত পৰে ।
এবাৰ চোৱাচোন দেউতা
কিমান বছৰ পাৰ হৈ গ'ল
তোমাৰ জীয়া কাহিনী
অভিমানী হৃদয়ৰ মাজত
কেনেকৈ স্মৃতি বুলি সামৰি ৰাখোঁ
তুমিয়েই কোৱাচোন দেউতা
তুমি নোহোৱা অনুভৱৰ বিষাদ
কেনেকৈ পাহৰো মই ।
তোমালৈ মনত পৰিলে
কেনেকৈ তোমাৰ কথা নভবাকৈ
কেনেকৈ থাকোঁ দেউতা
নোৱাৰোঁ অ দেউতা
মই নোৱাৰোঁ দেউতা
বহুত মনত পৰে তোমালৈ।
✍️দিপশিখা ৰাজকোঁৱৰ

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ