ভগৱানৰ নামত কিবা খাব দিয়ক, কিছু পইচা দিয়ক, ঈশ্বৰে আপোনাক ভালে ৰাখিব ,মংগল কৰিব । সেই ঘূৰণীয়া থালখনত ১০,২০, নাইবা ৫ টকা খুচুৰা খুচুৰী পৰি থাকে । তথাপি সেই মাত বন্ধ হোৱা নাই । ভগৱানৰ নামত কিবা খাব দিলে আপোনাৰ মংগল হ'ব ....। আদি ধ্বনি শুনি মই থমকি ৰৈ দেখিলোঁ এজন বুঢ়া নেত্ৰবিহীন হাড় ছাল ওলোৱা, মুখ খন শেঁতা পৰা চকু জুৰি জলজলীয়া আৰু গাতো মলিয়নৰে ফটা কাপোৰ । তথাপিও নিমাত নহয় । কাষতে এডাল লাখুটি আৰু সন্মুখত ঘূৰণীয়া থালখনত কিছু খুচুৰা পইচা সিচঁৰিত । দেউতাৰ বয়সৰ মানুহ জনৰ কেনে দুৰ্গতি । চকু প্ৰচাৰত দৰিদ্ৰতা কেনে আৱিৰ্ভাৱ । মই সেই বাটেৰে তেখেতৰ সম্নুখেৰে আগুৱাই গৈছিলো । মোৰ হাতত কিছুমান খোৱাৰ সামগ্ৰী আছিল ।
খতক খত খত জোতাৰ শব্দ শুনি চাগৈ আকৌ একে ধ্বনি ভাহি আহিল । হাত দুখন মেলি সহায় খুজিল । মোৰ প্ৰতিটো খোঁজে মাথোঁ লেহেমীয়া হৈ বেদনাত্মক অন্ত শোকেৰে ভৰিল । থালখনৰ সন্মুখত থকা ব্যক্তিজনে ইফালে সিফালে চাই শেঁতা পৰা মুখ খনেৰে গাই থাকিল । তেখেতৰ দুৰ্বল শৰীৰ কপিবলৈ ধৰিল । মই আগবাঢ়ি তেখেতৰ ওচৰত বহি মোৰ বেগত চাই দেখোঁ তেখেতক দিব পৰাকৈ মাথোঁ খোৱা বস্তু বাহিৰে মোৰ ওচৰত একো নাই । কপি থকা শৰীত দিবলৈ বস্ত্ৰ এডোখৰও নাই । আনকি পানী এটুপালো নাই বটলটোত । এনেদৰে থাকিব নোৱাৰি চকু জুৰি মচি দি কলো বৰটা (বৰদেউতা) মোৰ দিবলৈ হাতত একোৱে নাই এই খোৱা খাদ্য খিনিয়ে লওঁক । মোক বেয়া নাপাব । এনেতে মন কৰিলোঁ তেখেতে শ্ৰৱণ শক্তিও হেৰুৱাইছিল । কিবা দিয়া বুলি গম পাই মোক মাথোঁ এষাৰ কথাই ক'লে -
ভগৱানে তোমাক মংগল কৰিব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ