কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত অন্যতম।
আহিন আৰু কাতি মাহৰ মকৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে।অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্ যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰোপন কৰি গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়।কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।
আকাশ বন্তি সাধাৰণতে একোডাল বাঁহৰ সহায়ত সজা হয়। তাতে তেল শলিতা জ্বলাই পথাৰৰ মাজত নাইবা ঠাইভেদে চোতালৰ আগত বাঁহডাল পুতি দিয়া হয়। ইয়াৰ উপৰি তাল-খোল আদি বাদ্য বজাই ধাননি পথাৰখনৰ মাজতো চাকি এগচিকাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ – দুৱাৰ, আলি – পদূলি, পৰিষ্কাৰ – পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয়। লোক বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ- দুৱাৰ, চোতাল- পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।
আহিনৰ শেষ দিনাটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়। চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰোপন কৰি মচি- কাচি নিকা কৰি থয়। কোনো কোনোৱে তুলসী – ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও ৰোৱে। সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ – ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়। চাকি জ্বলোৱাৰ উদ্দেশ্যেৰে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়। আমাৰ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে।
আবেলি পথাৰ খন চাই অহাৰ নিয়ম। নহ’লে মখিমীয়ে গিৰিহঁত নাই বুলি ভাৱে আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয়। ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ- কষ্ট হয়। সেয়ে ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়। তিনি খন থুৰিয়া তামোল আগলি কলপাতত আগ বঢ়াই ধাননি – পথাৰত আয়ে সেৱা লয়, আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায়। অজ্ঞাতে অকা দোষ – ক্ৰুটিৰ মাৰ্জনা বিচাৰে।
সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি – প্ৰজ্বলন। পথাৰত ওখকৈ বাঁহৰ জোঁজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে। ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উচৰ্গা কৰে। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰে। একেদৰে লখিমী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই আগতে উল্লেখ কৰা মতে পদূলি মুখ, দুৱাৰ মুখ, ঢেকী শাল, গোঁসাই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা হয়। আই সৰস্বতীয়ে লগ দিয়ক বুলি পঢ়া কোঠাৰ ভিতৰতো মাটিৰ প্ৰদীপ জ্বলোৱা হয়। সেই দিনা ৰান্ধনী ঘৰো পৰিষ্কাৰ কৰি লখিমী অহাৰ বাট সুগম কৰি ৰখা হয়। সেই দিনা খেতিয়কে চৰু- কেৰাহী, কলহ- ঘটি উদং হৈ থাকিলে লখিমী অসন্তষ্ট হয় আৰু তেনে লোকৰ কেতিয়াও দুখ নুগুচে। এই কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। আনহাতে এই পৱিত্ৰ সন্ধিয়াত মাটিৰ চাকি জ্বলাই গৃহস্থই মৃতকৰ পৰা আশীৰ্বাদ বিচাৰে। যাতে এই চাকিৰ পোহৰত শস্যৰ অনিষ্টকাৰী পোক-পৰুৱা আৰু কৃষকৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্য নিৰাপদে চপাই আনিব পাৰে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ