এযোৰ বিশেষ জোতাৰ আলম লৈ••চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
মই অলপতে  কৰ্ম সূত্রে  তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ সীমামূৰীয়া শ্ৰী চিটি নামৰ সৰু ঔদ্যোগিক চহৰখনত থকা এটা ইন্জিন নিৰ্মাণ কৰা কাৰখানালৈ গৈছিলো।  য়েনমাৰ ( Yanmar)  নামৰ ইন্জিন বনোৱা এই জাপানীজ কোম্পানীটোৰ মুখ্য কাৰখানাটো পৰিদৰ্শন কৰা সময়ত পিন্ধিবলৈ দিয়া এযোৰ বিশেষ জোতাৰ আলম লৈ আজি কিছু কথা অৱগত কৰাব বিচাৰিম। 

সাধাৰণতে যিকোনো এটা কাৰখানাৰ ভিতৰলৈ গ'লে সুৰক্ষা বিধি মতে ব্যক্তিজনে হেলমেট, গগলচ আৰু লোৰ আবৰণ থকা চেফটি শ্বু (জোতা) পিন্ধি যোৱাটো বাঞ্চনীয় । কাৰখানাৰ ভিতৰত চলা ফুৰা কৰা সময়ত ভৰিৰ আঙুলি কেইটাই যাতে  যতে ততে লোহ আদিত  উজুটি খাই  আঘাতপ্ৰাপ্ত নহয় সেয়েহ চেফটি শ্বুৰ সন্মুখৰ ভাগত লোৰ পাতি লগোৱা থাকে আৰু সাধাৰণতে অলপ ওজনৰ হয়। সেইবাবে চেফটি শ্বু পিন্ধি কিছুমান লোকে আৰাম অনুভৱ নকৰে। পাছে আজি য়েনমাৰ কোম্পানীৰ কাৰখানা পৰিদৰ্শনৰ সময়ত পিন্ধিব দিয়া  পোষ্টৰ লগত সংলগ্ন কৰা ফটোখনৰ বিশেষ জোতাযোৰ দেখি মনত কিছু কৌতুহল হোৱাত মোৰ জাপানীজ সহকৰ্মী জনে ক'লে যে অলপতে জাপানৰ এটা কোম্পানীত চলোৱা সমীক্ষাৰ আধাৰত কাইজেন( Kaizen) পদ্ধতিৰ সহায়ত এই নতুন  চেফটি শ্বুযোৰ ডিজাইন কৰা হৈছে। এই নতুন জোতাযোৰৰ বহু কেইটা বৈশিষ্ট্য আছে । এইখিনিতেই উল্লেখ কৰিব বিচাৰিম যে কাইজেন হৈছে যিকোন কৰ্ম বা বস্তুৰ নিৰন্তৰ উন্নতিৰ বাবে লোৱা যথোচিত প্ৰয়াস। জাপানীজ সহকৰ্মীজনে কোৱা কাইজেন প্ৰয়াসৰ ফলশ্ৰুতিত নতুন ৰূপ পোৱা এই জোতাযোৰৰ বৈশিষ্ট্য কেইটামান হৈছে-
১৷ এই জোতাযোৰ  নিজে পিন্ধি থকা জোতাযোৰৰ ওপৰত সহজে পিন্ধি লব পাৰি। সেই বাবে বাৰে বাৰে জোতা খুলিব নালাগে বাবে সময়ৰ অপব্যৱহাৰ নহয়।
২৷ জাপানীজ সকলে চিবুমি( Minimalism) অত বিশ্বাস কৰে।  অৰ্থাত যিমান পাৰি কম কেঁচামাল ব্যৱহাৰ কৰি দেশৰ  সমল ৰক্ষা কৰিব প্ৰয়াস কৰে।  সেই বাবে কেৱল আঙুলি কেইটাৰ সুৰক্ষাৰ বাবে কেঁচামাল খৰচ কৰি আন এযোৰ জোতা বনাই অৰ্থ,  সময় আৰু সমল নষ্ট নকৰি কেৱল ভৰিৰ আঙুলি কেইটা বচোৱাৰ বাবে লোৰ দৰে কঠিন কিন্ত  ওজনত পাতল ফাইবাৰ ব্যৱহাৰ কৰি এই জোতাযোৰ ডিজাইন কৰিছে। 
 ৩৷ সাধাৰণতে জাপানীজ সকলে 
 সকলো বস্তুৰে কাইটেকি-চা ( Comfrtability) , হিনশ্বিটচু (Quality) আৰু টাইক্যিউ-চে ( Durability) ৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সেয়েহে  তেওঁলোকে বেচি দাম ভৰি হলেও উৎকৃষ্ট  মানদণ্ডৰ এযোৰ জোতা, এখন গাড়ী, এটা বেগ, এযোৰ কাপোৰ, এযোৰ চশমা ইত্যাদি সকলোবোৰ ব্যৱহাৰিক বস্ত কিনি যিমান পাৰে দীৰ্ঘ সময়লৈ ব্যৱহাৰ কৰিব বিচাৰে।  কাৰণ দেশৰ সমল বচাব লাগে। কেঁচামাল কমাই বনোৱা স্বত্বেও এই নতুন জোতাযোৰৰ হেনো আয়ুস আগৰ তুলনাত শতকৰা ৩০% বৃদ্ধিহে হৈছে ।
 জাপানৰ প্ৰসিদ্ধ উদ্যোগপতি য়ামাওকা  হাটচুডোকি কোচাকুচুৱে ১৯১২ চনতে জাপানৰ ওচাকা চহৰত ডিজেল ইন্জিন নিৰ্মাণৰ কাৰখানা এটা প্ৰতিষ্ঠা কৰিছিল।  পৰবৰ্তীকালত ১৯২০ চনত এই প্ৰতিষ্ঠানটোৰ নাম ৰখা হৈছিল য়েনমাৰ ইন্জিন নিৰ্মাণ কোম্পানী লিমিটেড। দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে য়েনমাৰ জাপানৰ সবাতোকৈ আগশাৰীৰ উদ্যোগিক প্ৰতিষ্ঠান আছিল। সেই সমসাময়িক সময়ত  জাপানৰ য়েনমাৰ ইন্জিন ভাৰতকে ধৰি পূব এছিয়াৰ প্ৰায় সকলো দেশেই কৃষি, উদ্যোগ আৰু যানবাহনৰ বাবে আমদানি কৰিছিল।  পাছে ১৯৪৪চনৰ দ্বিতীয় বিশ্বযুদ্ধত এই য়েনমাৰ ইন্জিন নিৰ্মাণকাৰী কোম্পানীটোৰ আটাই কেইটা কাৰখানা ধ্বংসাৱশেষত পৰিণত হৈছিল। কিন্ত কৰ্মোদ্যমী জাপানীজৰ দেশভক্তি, দায়িত্ববোধ আৰু হাৰ মানিব নোৱাৰা স্বভাৱৰ বাবে ১৯৪৭ চনত কোম্পানীটোৱে পুনৰ মুৰ ডাঙি উঠে আৰু আজি বৰ্তমান সময়ত ই জাপানৰ এটা অন্যতম ইন্জিন নিৰ্মাণকাৰী কোম্পানীৰ খিতাপ লাভ কৰিছে।  জাপানীজ সকলে আগলৈ চাই খোজ দিয়ে।  কোনো এজন জাপানীজ সহকৰ্মীয়ে মই কোবেল্কো নামৰ কোম্পানীটোত নিযুক্ত হোৱাৰ  বিগত তিনিবছৰত এদিনো তেওঁলোকে অতিবাহিত কৰা দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ কথা মনত পেলাই হা-হুমুনিয়া কঢ়া, সেই সময়ৰ সম্ৰাট তথা মুখ্য সেনাধ্যক্ষ অথৱা প্ৰধানমন্ত্ৰী জনক সমালোচনা কৰি সময় নষ্ট কৰা দেখা নাই। আচৰিত কথাটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে তেওঁলোকৰ হেনো স্কুল কলেজৰ কোনো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা নাই।  সেই বাবে নৱ প্ৰজন্মই দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে বহুত কথাই নাজানে । কাৰণ জাপানীজ সকলে দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ পৰিণাম ভোগ কৰি প্ৰতিহিংসা, ঘৃণা আৰু প্ৰতিশোধ পুৰণ মনোভাৱ আদিৰ দৰে নেতিবাচক কথাবোৰ এৰাই চলি প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছিল চড়ম বিকাশ সাধন কৰিবলৈ সমৰ্থ হৈছে। কৰ্মই একমাত্ৰ ধৰ্ম বুলি ভাবি অনুতপ্ততা আৰু অনুশোচনা দূৰ কৰা দেশ খনেই হৈছে জাপান।
কালি  য়েনমাৰ কোম্পানীটো দৰ্শন কৰাৰ পাছত হোৱা উপলব্ধিখিনিয়ে মোক এবাৰ ভাবিবলৈ বাধ্য কৰাই দিলে যে আমি দৰাচলতে কোনখন পৃথিৱীত জীয়াই আছো ? এই বিশ্বায়নৰ যুগতো আমি মোগলৰ আক্রমণ,  বাঘ হাজৰিকাৰ অস্তিত্ব,  জয়মতীৰ অস্তিত্ব, নেলীৰ হত্যাকাণ্ড, চৰকাৰী কৰণ তথা ব্যক্তিগতকৰণ ইত্যাদি টুলুঙা কথাবোৰৰ বিতৰ্ক সৃষ্টি কৰি সময়, সমল আৰু শক্তি অপচয় কৰাতে ব্যস্ত হৈ আছো। অথচ  আন্দোলন,দূৰ্নীতি আৰু কেঁচামালৰ অভাৱত দেশৰ সহস্ৰাধিক চৰকাৰী বেচৰকাৰী  উদ্যোগ বিকল হৈ পৰি আছে তাৰ অকনো খবৰ নাই। 
কেতিয়াবা এনে লাগে আমাৰ দেশখনো এবাৰ যুদ্ধত বিধস্ত হৈ পৰক তেতিয়াহে যদি  জাতিটোৱে দূৰ্ভিক্ষ আৰু মাৰিমৰকত ভুগি কৰ্ম বিমুখ পৰা কৰ্মোদ্যমী হৈ পৰে,উৎসৱ পাৰ্বনৰ নামত খাদ্য সামগ্ৰীৰ অপব্যয় নকৰিবলৈ শিক্ষা পাব, ভন্ড উগ্ৰ জাতীয়তাবাদী নেতাৰ উচটনিত অনাহক বিক্ষোভ আৰু আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংসৰ পৰা বিৰত থাকিবলৈ শিকিব। যিদৰে দ্বিতীয় বিশ্বযুদ্ধত চড়ম পৰাজয়ৰ সন্মুখীন হোৱা অত্যন্ত  জেদী,  অহংকাৰী, প্ৰতিশোধ পৰায়ণ আৰু উপনিবেশবাদ বিস্তাৰ কৰি প্ৰভাৱশালী জাপানীজ সকলে নিজৰ ভুল সংশোধন কৰি আজি বিজ্ঞান,  প্ৰযুক্তিবিদ্যা,অৰ্থনৈতিক আৰু  ঔদ্যোগিক ক্ষেত্ৰত বিশ্বৰ সকলোতকৈ আগশাৰী জাতিৰ খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছে ঠিক তেনেদৰে চড়ম বিপৰ্য্যয়ত পৰি আমাৰ দেশখনেও হয়তো এদিন উন্নতিৰ দিশত অগ্ৰসৰ হ'ব সক্ষম হৈ উঠিব।

⚫চুমিন্দ্ৰ চৌধুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)