নাঙঠ যাত্ৰা - ৰাতুল চেতিয়া ফুকন

©Admin
0
আহা আমি নাঙঠ হওঁ
ভগৱানৰ নামত ।
সভ্যতাক ভেঙুচালি কৰি
শুভাযাত্ৰা কৰো ৰাজআলিয়েদি ।
কোনো খেদ নাই
স্তাৱকৰ দলে সম্ভ্ৰমে আদৰিব আমাক ।
দলিয়াই পেলোৱা বৈজ্ঞানিক মনস্কতা 
বিকৃত তৃপ্তিৰে পৰিতৃপ্ত হেনো 
মোক্ষ প্ৰাপ্তিৰ পথ ।
আমি বাৰু সঁচাই সভ্য মানুহ নে 
নিজকে সুধিবৰ মন গৈছে।

✍️ৰাতুল চেতিয়া ফুকন
সোণাৰি চৰাইদেউ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)