মাঘী পূৰ্ণিমাৰ ৰাতি••কনকলতা টাৱ মিলি

Rinku Rajowar
0
আজিনো কি হ'ল পূৰ্ণিমাৰ ৰাতি
আজিনো কি হ'ল পূৰ্ণিমাৰ ৰাতি
আন্ধাৰৰ অবাটে গৈ
পূৰ্ণিমাৰ জোনো
চকুলো টুকিল
বিষাদৰ গাৰুত
মূৰটো গুজি
ওৰে ৰাতি টোপনি সৰিল
জীৱন খলাবমা বাট
কোনে জানে কাৰ জীৱন
চলিব কেনেদৰে
সুখ - দুখৰ সময়ৰ হাত ।
অভ্ৰান্ত ভাৱনাত কান্দে হৃদয়
উচুপি উচুপি
জীৱনৰ উঋান পতন
বুজিব নোৱাৰি
পেটৰ ভোগ খেদে
আকালৰ অলপীয়া ভাতত
নিসঙ্গ দুখত
শান্তিৰ বতাহ এছাটি  বৈ
কাৰোবাৰ অমাতৰ মাতত ।
কবিতাৰ জন্ম হয় মোৰ
খেলি মেলি গধুৰ ভাৱনাত
জীৱনৰ ভৰি খুপি খুপি
খোজ কঢ়া বাটত
কেনেকে কত বা হ'ল গণ্ডগোল ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)