বিৰিখ হয় লঠঙা
ধূসৰ দিগন্ত ধূলিয়ৰি বাট
মন হয় ৰিঙা ৰিঙা ।
সৰা পাতে পাতে উন্মনা ফাগুনে
নতুন বাতৰি আনে
ৰিক্ত হৃদয়ত অগনি জ্বলাই
আবিৰৰ ৰং সানে।
পলাশ-মদাৰ শিমলু ফুলিলে
আকাশ ৰাঙলী কৰি
কমোৱা তুলা হৈ মন উৰা মাৰে
ৰঙা আঁচলত ধৰি।
ফাগুন মানেই উদং পথাৰ
উৰ্বৰা হেৰাই যায়
শুকান বতাহ খৰাং বতৰ
দেহা কৰে ৰাইজাই।
নিজান বনত কুলি কুউ-কুউ
বসন্তৰ আগমনে
কৃষ্ণ ভকতিৰে দৌলোৎসৱত
হোলী খেলে ৰংমনে।
ফাগুনে দিয়েহি নতুনত্ব আশা
সপোনৰ সেউজীয়া
প্ৰকৃতি বুকুত সৌন্দৰ্য শোভা
অপৰূপ বিনন্দীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ