যেন ৰাক্ষসিনী"
পাহৰণি এখন শ্ৰোতস্বিনী নৈ
প্ৰতিনিয়ত য'ত অৱগাহন মানুহৰ ।
নিমিষতে পাহৰি
আবেগ অথবা আঘাত
মানুহ জীয়াই থাকে স্বাভাৱিক ভাৱে।
অভি-নীল ,জোনমনি আৰু ক'লা লৰাই মুচৰি পেলোৱা ডেকাটো ।
কলকাতাৰ নিমাখিত ডাক্তৰণী
প্ৰতিটো জোৱাৰে মুছিথৈ যোৱা
যেন উপকূলৰ বালি চিত্ৰ।
পাহৰণি নৈত উটি যোৱা
বুকুৰ কেঁচা ঘা বোৰ
আবেগ বোৰ
ক্ষন্তেকীয়া প্ৰতিবাদ বোৰ ।
নিজানৰ সুহুৰি হৈ আহে
এটা পুৰণি কবিতা
"উহ পাহৰণি
যেন ৰাক্ষসিনী "
✍️ৰাতুল চেতিয়া ফুকন

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ