অসমৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ - বিনোদ চেৰো

 protibha phukon
0
অসমৰ বিভিন্ন চাহ বাগিচাত নিয়োজিত চাহ শ্ৰমিক সকলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা কম নিম্নতম মজুৰিত কাম কৰাবলৈ ইংৰাজে আনিছিল। বৰ্তমান সময়ত ২০০ বছৰ ধৰি বসবাস কৰা পাছতো চাহ শ্ৰমিকৰ চাহ জনজাতি লোক সকলে স্বাধীনতা পোৱা নাই।

অসমৰ চাহ বাগিছা ভূমিত অন্যান্য কোম্পানী স্থাপন : -
      চাহ বাগিছাৰ মাটিত আন কোম্পানী স্থাপন কৰাটো অসমত এক প্ৰক্ৰিয়া, য'ত লোকচানত থকা চাহ নিগমৰ বাগিচাবোৰ ব্যক্তিগত খণ্ডক লীজত দিয়া হৈছে (যেনে- আমলখি চাহ বাগিছা) আৰু চাহ বাগিছাৰ ঐতিহাসিক বাংলো সমূহ চাহ পৰ্যটনৰ বাবে পুনৰ নিমাৰ্ণ কৰা হৈছে, লগতে টাটা(TATA), য়ুনিলিভাৰ, অইল ইণ্ডিয়া লিমিটেড আদিয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা মাটি কিনিছে, যাৰ ফলত চাহ শিল্পৰ সম্প্ৰাসৰণৰ ঘটিছে । কিন্তু স্থানীয় লোকৰ বাবে ইয়াৰ ডাঙৰ সামাজিক-আৰ্থিক প্ৰভাৱ পৰিছে। 

চাহ বাগিচা লীজত দিয়া : 
    অসম চাহ নিগমৰ লোকচান হোৱা আমলখি চাহ বাগিচা ব্যক্তিগত খণ্ডৰ কোম্পানীক লীজত দিয়া হৈছে। যাৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। যাৰ ফলত বহু বাগিচা ব্যক্তিগত মালিকানালৈ গৈছে। চাহ শ্ৰমিকৰ বকেয়া বেতন পৰিশোধ কৰিবলৈ নিগমে ৫খন বাগিছা বিক্ৰী কৰাৰ বাবে চেষ্টা চলাইছে। এ. টি. চি. এল. গাৰ্ডেন লিজ দিয়া (২০২২) অসম চাহ নিগম লিমিটেডৰ অধীনত লোকচানৰ সন্মুখীন হোৱা ১২খন বাগিচা পুনৰুজ্জীৱিত কৰাৰ বাবে ব্যক্তিগত নিলামকাৰীক লীজৰ বাবে ৰখা হৈছিল, অসম চৰকাৰে ইয়াৰ মালিকানা ৰাজ্য চৰকাৰৰ হাতত থকাটো নিশ্চিত কৰিছিল। 

চাহ পৰ্যটন :
     চাহ বাগিচাৰ ঐতিহাসিক বাংলো সমূহ পুনৰ নিৰ্মাণ কৰি চাহ পৰ্যটনৰ বাবে ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে অসম চাহ পৰ্যটন উন্নয়নৰ আচঁনিৰ অধীনত কাম চলি আছে। যেনে - শিয়ালকটী চাহ বাগিচা, ডিব্ৰুগড়ৰ ঘগ্ৰাজান চাহ বাগিচা, শিৱসাগৰৰ গেলেকী চাহ ফেক্টৰী(১৮৬৩ চনত স্থাপিত)।

কৰ্পোৰেট সম্প্ৰসাৰণ :
      টাটা, য়ুনিলিভাৰ, টেটলি আদি ডাঙৰ ডাঙৰ কোম্পানীবোৰে চাহ বাগিচা তথা ক্ষুদ্ৰ চাহ খেতিয়ক আৰু পৰিয়াল পৰিচালিত খেতিৰ পৰা মাটি কিনিছে, যাৰ ফলত চাহ শিল্পৰ প্ৰসাৰ ঘটিছে।

নতুন কোম্পানী গঠন : 
      ইষ্ট ইণ্ডিয়া কোম্পানীৰ পিছত "আসাম কোম্পানী" গঠিত হৈছিল আৰু ইয়াৰ সফলতাই অন্যান্য কোম্পানীকো চাহ বাগিচা স্থাপন কৰাৰ উৎসাহিত কৰিছিল, যেনে - জৰ্জ উইলিয়ামছন আৰু যোৰহাট টি কোম্পানী। চাহ বাগিচাৰ ভূমিত বিদ্যুৎ প্ৰকল্প সংস্থাপন কৰিছে, যেনে- চাবুৱা চাহ বাগিচা।

চাহ বাগিচা ভূমিত তৈল্য খাত স্থাপন :
 
      অইল ইণ্ডিয়া লিমিটেডে তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু খননৰ বাবে বিভিন্ন চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰিছে, যেনে - শান্তি চাহ বাগিচা, জয়পুৰ চাহ বাগিচা, মাইজান চাহ বাগিচা, নলনি, সত্যনাৰায়ণ, বিজুলিবাৰী চাহ বাগিচা আদি। 

অইল ইণ্ডিয়া লিমিটেড আৰু অসমৰ চাহ শ্ৰমিক ও আট্‌ছাৰ সংঘাত: 
      অইল ইণ্ডিয়া লিমিটেড(অইল) আৰু অসমৰ চাহ শ্ৰমিক সংগঠন, বিশেষকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আট্‌ছা) আৰু অসম চাহ মজদুৰ সংঘ(ACMS) ৰ মাজত সংঘাতৰ মূলত চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ আৰু ইয়াৰ ফলত শ্ৰমিকসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি কেন্দ্ৰিক।

সংঘাতৰ মূল কাৰণ সমূহ হ'ল - 
     ১) চাহ বাগিচাৰ ভূমি ব্যৱহাৰ : অইলে তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণৰ আৰু খননৰ বাবে বিভিন্ন চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰিছে বা বিচাৰিছে। চাহ বাগিচাৰ মাটি চাহ খেতিৰ বাদে অন্য কামত ব্যৱহাৰ কৰিলে চাহ শ্ৰমিকৰ একমাত্ৰ জীৱিকাৰ পথ বন্ধ হৈ যাব।
     ২) শ্ৰমিকৰ সন্মতি অবিহনে ভূমি হস্তান্তৰ : চাহ বাগিচা কতৃপক্ষই শ্ৰমিকসকলক কোনো আগতীয়া তথ্য বা সন্মতি নজনোৱাকৈ অইলক ভূমি হস্তান্তৰ কৰিছে।
     ৩) সংস্থাপনৰ অভাৱ : অইলৰ কাৰ্যকলাপৰ বাবে ভূমি হেৰুৱা স্বত্বেও, চাহ জনজাতি সম্প্ৰদায়ৰ পৰা যোগ্য ব্যক্তিসকলক অইলত সংস্থাপন দিয়া হোৱা নাই লগতে আট্‌ছাই অইলত চাহ জনজাতিৰ বাবে ৩০% সংস্থাপন সংৰক্ষণৰো দাবী জনাইছে।
    ৪) উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা : পূৰ্বে অধিগ্ৰহণ কৰা ভূমিৰ বাবে অইলে দিয়া বহুতো প্ৰতিশ্ৰুতি (যেনে - স্থানীয় অঞ্চলৰ উন্নয়ণ) পূৰণ কৰা নাই । 
       এই বিষয়সমূহত বাৰে বাৰে প্ৰতিবাদ, অইলৰ কাৰ্যালয় অৱৰোধ আৰু বাহন চলা বন্ধ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছে।

চাহ শ্ৰমিকৰ প্ৰতিবাদৰ কাৰণ :
       চাহ শ্ৰমিকৰ প্ৰতিবাদৰ মূল কাৰণ সমূহ হৈছে কম মজুৰি (বিশেষকৈ ৩৫০ টকা দৈনিক মজুৰিৰ দাবী), শোষণ-বঞ্চনা, মৌলিক অধিকাৰৰ অভাৰ,সামাজিক স্বীকৃতিৰ সমস্যা (অনুসূচীতকৰণ বা জনজাতিকৰণ) আৰু ভূমি অধিকাৰ(ভূমি পট্টা)। চাহ শ্ৰমিকৰ প্ৰতিবাদত চৰকাৰৰ পৰা দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰা, কৰ্মৰত অৱস্থাৰ উন্নয়ণ, উন্নত জীৱিকাৰ দাবীতকে ধৰি বিভিন্ন বিষয় জড়িত হৈ আছে। যদিও শেহতীয়াকৈ ভূমি পট্টাৰ সিদ্ধান্তই কিছু প্ৰতিবাদ শান্ত কৰিছে।

প্ৰতিবাদৰ মূল কাৰণসমূহ :
১) নিম্ন মজুৰি : শ্ৰমিকসকলে দৈনিক মজুৰি ৩৫০ টকা কৰাৰ দাবী জনাই আহিছে, যি এতিয়াও পূৰণ হোৱা নাই।
২) শোষণ আৰু বঞ্চনা : বাগিচা কতৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকসকলক চূড়ান্ত শোষণ-বঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে, যি প্ৰতিবাদৰ মূল কাৰণ ।
৩) ভূমি অধিকাৰ : বহুদিনীয়া দাবী পূৰণ কৰি চৰকাৰে চাহ শ্ৰমিকসকলক ভূমি পট্টা দিয়াৰ সিদ্ধান্ত লোৱাৰ পিছত কিছু বাগিচাত আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছিল, কিন্ত এই দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ চলি থাকিব।
৪) মৌলিক অধিকাৰ অভাৱ : ৰাজ্যৰ অৰ্থ্যনীতি টনকিয়াল কৰা এই শ্ৰমিকসকল বহু মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।
৫) সামাজিক স্বীকৃতি : চাহ বাগিচাৰ বাহিৰলৈ গৈতআন বৃত্তিত সংস্থাপিত হোৱাৰ পিছতো আদিবাসী-চাহ জনজাতি সকলে প্ৰাক্তন চাহ শ্ৰমিক হিচাপেহে পৰিচয় দিব লগা হয়, তাৰ কাৰণে প্ৰতিবাদ।
৬) চৰকাৰী নীতিৰ বিৰোধিতা : নিৰ্বাচনৰ সময়ত চৰকাৰে মাত্ৰ ভোটাৰ বাবেহে শ্ৰমিকৰ কথা ভাৱে বুলিও অভিযোগ উত্থাপিত হয়।

           অসমৰ মুখ্যমন্ত্ৰীয়ে অসম চাহ নিগমৰ বাগিচাৰ মজুৰি বৃদ্ধিৰ ঘোষণা কৰিছিল যদিও, ইয়াৰ বাবে শ্ৰমিকসকলে এতিয়াও অপেক্ষা কৰি আছে। ভূমি পট্টাৰ সিদ্ধান্তই কিছু পৰিৱৰ্তন আনিছে যদিও, অন্যান্য দাবী সমূহ পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)