মটক ৰাজত্বৰ ঐতিহ্য বহন কৰা আৰু উদ্যোগিক জিলা হিচাপে পৰিচিত তিনিচুকীয়া জিলা। অৱশ্যে কিছুলোকে তিনিচুকীয়া নগৰক দ্বিতীয় বিহাৰ বুলিও আখ্যা দিয়ে । কাৰণ তিনিচুকীয়া নগৰৰ পৰিৱেশ- পৰিস্হিতি অসমৰ আন নগৰত কৈ কিছু পৃথক । নগৰখনৰ প্ৰায় সমস্ত ব্যৱসায়-বাণিজ্য হিন্দীভাষীৰ দখলত আৰু সৰহ সংখ্যকে অসমীয়া ভাষা কবলৈ অনীহা প্ৰকাশ কৰা যেন লাগে।এই তিনিচুকীয়াৰেই দুই-এক বিচিত্ৰ তথা আমোদজনক কথা জনাব বিচাৰিছোঁ। (১)এই তিনিচুকীয়া নগৰতে এটা ৰেল জংচন আছে, য'ত যাত্ৰী উঠিবৰ বাবে কোনো ৰেল ৰখোৱা নহয় আৰু ইয়াত নাই টিকট ঘৰ অথবা প্লেটফৰ্ম। জংচনটোৰ নাম শ্ৰীপুৰীয়া জংচন। এবাৰ চ'নী টিভিৰ "কৌন বনেগা কঢ়োঢ়পতি" অনুষ্ঠানত অমিতাভ বচ্চনে ভাৰতৰ ভিতৰত যাত্ৰীৰ বাবে কোনো ৰেল নৰখোৱা জংচনটোৰ নাম সুধাতহে এই বিষয়ে জ্ঞাত হৈছিলো। (২)আনহাতে ৰেল বিভাগৰ মণ্ডল কাৰ্যালয় থকা তিনিচুকীয়া জিলাত ডাঙৰীৰ পৰা তিনিচুকীয়ালৈ এখন ৰেল চলিছিল য'ত ডাঙৰীৰ পৰা মাকুম লৈকে ৰেলপথত কোনো গেট মেন নথকাৰ ফলত ৰেল ৰখাই ৰেলৰ চালক বা গাৰ্ডে নিজে গেট বন্ধ কৰি গেট পাৰ কৰি পুনৰ ৰেল ৰখাই আকৌ গেট খুলি থৈ গৈছিল। এনেদৰে শামুকিয়া গতিৰে ৰেলখনে চলাচল কৰাত সময় বেছি লগাত দুই এজন যাত্ৰীহে উক্ত ৰেলখনৰে যাত্ৰা কৰিছিল। অসমৰ প্ৰথমটো ৰেলপথত চলা এই ডেমো ৰেলখন সেয়ে যাত্ৰীৰ অভাৱত মাজে সময়ে বন্ধ হৈ থাকে। বৰ্তমান এই ধৰণেৰে যাত্ৰাপথত থকা কেইবাখনো ৰেলগেট ৰে'ল ৰখাই প্ৰথমে গেট বন্ধ কৰি পিছত খুলি থৈ ডাঙৰীৰপৰা এই বুলেট ট্ৰেইন নহ'লেও বন্দে ভাৰত ট্ৰেইন চলাচল কৰা সময়তো এইদৰে গৰুগাড়ীৰ গতিৰ দৰে ৰেলখন ডাঙৰীৰ পৰা মাকুম লৈকে অসময়ত (odd time) চলি আহিছে।(৩)আনহাতে তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা সমজিলাখন কয়লাৰ ৰাণী বা ক'লা হীৰাৰ অঞ্চল হিচাপে পৰিচিত আৰু এই মাৰ্ঘেৰিটাৰ বৰগোলাইত একেখন বিদ্যালয় চৌহদৰ ভিতৰত তিনিখনকৈ তিনিটা মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় থকা দেখি আচৰিত হলো। এসময়ত তেলেগু, নেপালী, অসমীয়া, হিন্দী আৰু বঙালী (বাংলা) মাধ্যমৰ পাঁচখন বিদ্যালয় একেটা চৌহদতে আছিল যদিও তেলেগু আৰু নেপালী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাত অসমীয়া, হিন্দী আৰু বঙালী মাধ্যমৰ তিনিখন বিদ্যালয়হে প্ৰাদেশীকৰণ হৈ বৰ্তমানলৈকে চলি আছে। সমগ্ৰ ভাৰততে হয়তো একেখন চৌহদতে তিনিটা মাধ্যমৰ চৰকাৰী বিদ্যালয় দুৰ্লভ আৰু সেয়ে পঢ়ুৱৈয়ে জানিব পাৰিলে আমোদ পাব বুলিয়েই এই বিচিত্ৰ কথা কেইটা লিখিবলৈ ইচ্ছা কৰিলো।(৪) আনহাতে তিনিচুকীয়া জিলাত প্ৰায়েই অসমীয়া ভাষাৰ বিকৃতি চকুত পৰে। উদাহৰণস্বৰূপে বিগত বৰ্ষত তিনিচুকীয়াৰ চলিহা নগৰত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৃষ্ঠপোষকতাত হোৱা বাণিজ্য মেলাত অসমীয়াত চলিহা নগৰক চালিয়া নগৰ বুলি লিখা দেখা পালোঁ। তাৰোপৰি তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিৰ ওচৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান কেন্দ্ৰৰ নামফলকত বঙালী গাওঁ বুলি নিলিখি অপ্ৰয়োজনীয় ভাৱে বঙালী শব্দৰ ঙ ৰ ওপৰতো ঁ (চন্দ্ৰবিন্দু )দিয়া দেখিবলৈ পালো। অৰ্থাৎ বঙাঁলী গাওঁ বুলি লিখা আছিল।ঠিক তেনেদৰে বিগত পঞ্চায়ত নিৰ্বাচনত তিনিচুকীয়াৰ স্হানীয় খিলঞ্জীয়া প্ৰাৰ্থীসকলেও প'ষ্টাৰত খিচিৰি অসমীয়া ভাষা প্ৰয়োগ কৰি নামৰ আগত চন্দ্ৰবিন্দু লিখাৰ দৰে অসমীয়া ভাষাৰ আগত চন্দ্ৰবিন্দু লিখা যেন অনুভৱ হ'ল। কাৰণ এগৰাকী প্ৰাৰ্থীৰ অসমীয়া ভাষাতে লিখা প'ষ্টাৰত লিখা আছিল - 'গন্না কিষাণৰ ছবিত ভোট দিয়ক।' আন এগৰাকীৰ প'ষ্টাৰত দেখিছিলো -'কক'নাট ট্ৰিৰ ছবিত ভোট দিয়ক।' আন এগৰাকীৰ প'ষ্টাৰত আছিল -' পেন আৰু ইংকপটৰ ছবিত ভোট দিয়ক '। আচলতে প্ৰাৰ্থী সকলৰ প্ৰচাৰৰ দায়িত্বত থকা লোক সকলৰ অসমীয়া ভাষাত দখল নথকা বাবে আৰু আমাৰ পঞ্চায়ত প্ৰাৰ্থীসকল ভাষা প্ৰয়োগৰ ক্ষেত্ৰত সজাগ নোহোৱা বাবেই অসমীয়া ভাষাৰ এই বিকৃতি পৰিলক্ষিত হৈছিল।(৫) এবাৰ এজন শিক্ষীত হিন্দী ভাষী যুৱকক ঘৰত গৰু কেইটা আছে বুলি সুধাত উত্তৰ আহিল - তিনিগৰাকী মহিলা গৰু আছে। মহিলা গৰু বুলিলত মহিলা মাছলৈ মনত পৰি গ'ল।গোমাতাক সন্মান সহকাৰে ৩জনীৰ সলনি ৩ গৰাকী বুলিলত আমোদ পালো। যাই কি নহওঁক, বাতে- ঘাটে দেখা এই বিচিত্ৰ খবৰ কেইটা ৰাইজে আমোদ পাব বুলিয়েই লিখিবলৈ মন গ'ল।
📝পঙ্কজ ৰবিদাস
তিনিচুকীয়া,
ফোন: 9207328131

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ