মৌ পখিলি..
আজি বহুদিনৰ মূৰত কাপ মৈলাম যুগুতাই ল'লো তোমালৈ বুলি শব্দ খুচৰি। তোমাৰ চাগৈ মনত নাই, শেষবাৰৰ বাবে কেতিয়া তুলি দিছিলোঁ আমাৰ মৰমৰ শব্দবোৰ উকা শুকুলা কাগজত। কুকুৰাঠেঙীয়া এই আখৰকেইটিত যি অমিয়া ঘঁহা আছে, কিদৰে বুজাম তাক।
আশাকৰোঁ সুখত আছা তুমি, জীৱনৰ আউল লগা সময়ৰ মূখামূখি নাই তোমাৰ।জীৱনৰ অংক বৰ জটিল, কেতিয়াবা আমোদজনক আৰু কেতিয়াবা সমাধানহীন।
আজি আকৌ আওৰাম সেই কবিতা, যি কবিতাত থাকে প্ৰেমৰ ছন্দ, দীঘে বাণিয়ে সুৰৰ লহৰ। কেৰাচিন তেলৰ লেম্পৰ পোহৰত চকীত হাউলি পাৰ কৰি দিওঁ কত ৰজনী শব্দ বিচাৰি আৰু সুৰ বিচাৰি। হয় সুৰ বিচাৰি! মৰমৰ সুৰ, সময়ৰ সুৰ, জীৱনৰ সুৰ আৰু প্ৰকৃতিক চিৰবিনন্দীয়া কৰি ৰখা অমিয়া সুৰ।
বিনিদ্ৰ দুপৰ ৰাতি কি ভাৱত বিভোৰ প্ৰেয়সী, তুমিটো নুবুজা নোহোৱা!
সেই সন্ধিয়াবোৰ,
হেঙুলীয়া সন্ধিয়াটোৰ ৰবিৰ তৰংগৰ মূৰ্চ্ছনাত সেন্দুৰীয়া তোমাৰ দুগাল চাই কিমান গভীৰতাত হেৰাই যাওঁ। হাতত হাত থৈ কিমান সপোনৰ পম খেদি খেদি যাওঁ। হাহিঁ এটি নিগৰাই ওঁঠত জীৱনৰ জটিল অংক মোহাৰি পেলাওঁ। বুকুৱেদি পাৰ হৈ যোৱা প্ৰতি শিহৰণ সাচিঁম নে পাহৰিম, ভাৱিকে নাপাওঁ।
ভাৱিবাচোন তুমি সেই সুৰীয়া সময়ৰ কথা, ভাল লগা প্ৰতিটো দিনৰ কথা। এনে অলেখ সুসজ্জিত স্মৃতিৰ সমদলে বাট ভেটি ধৰি কৰেনে আমনি।
লিখি যাওঁ অনৰ্গল, সীমাহীন কবিতা....
আৰু তুমি...
এটি হুমুনিয়াহ....
ডাকত নহা চিঠিৰ কবিতা!
শেষত তোমাৰেই
ভাল পোৱাৰ ৰঙত ৰঙা
প্ৰেমিক চৰাই ৰতন

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ