ফাকুৱা হৈছে ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰা এক ৰঙৰ উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তত হোলীক ভিন্ন নামেৰে জনা যায়। পশ্চিমবঙ্গত ' দোল পূৰ্ণিমা' , মহাৰাষ্ট্ৰত ' ৰঙ্গপঞ্চমী', হাৰিয়ানাত ' দুলাগু' , গুজৰাটত ' ধোলেটি', অন্ধপ্ৰদেশত ' মেডুৰু হোলী ' ইত্যাদি । অসমতো বিভিন্ন ঠাইত ফাকুৱা, দৌল উৎসৱ, ফল্গুউৎসৱ হিচাপে ফাকুৱা উৎসৱ উদযাপন কৰে যদিও গুৰুজনাৰ আৰ্হিৰেই উদযাপন কৰা দেখা যায়। দৌল উৎসৱ বুলি ক'লেই মূলতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা আৰু শ্ৰীশ্ৰী বৰপেটা সত্ৰৰ দৌল উৎসৱৰ এক সুকীয়া পৰিচয় আছে। অসমৰ পৰিপ্ৰেক্ষিতত গুৰুজনাই ফাকুৱা বা হোলীক এক সুকীয়া মৰ্যাদা প্ৰদান কৰি আধ্যাত্মিক চেতনা তথা সমন্বয়ৰ যোগেদি কৃষ্ণ ভক্তিত বিলীন হোৱাৰ এক ঐতিহাসিক পৰম্পৰাত পৰিণত কৰিলে। যি ভাৰত বৰ্ষৰ অন্য ৰাজ্যতকৈ কিছু ব্যতিক্রম।চৰিত পুথিত উল্লেখ থকা অনুসৰি চিহ্নযাত্ৰা ভাওনা কৰা স্থলীতে মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱে দৌল মন্দিৰ নিৰ্মাণ কৰিবলৈ তামৰ চৰিয়াৰে মাটি দি মন্দিৰৰ ভেটি নিৰ্মাণ কৰিছিল। সেই সময়ত মাটি খান্দোতে এভাগ মূৰ্তি পাইছিল আৰু সেই মূৰ্তি ভাগক গুৰুজনাই সাত খলপীয়া আসনত স্থাপন কৰি দৌল উৎসৱৰ শুভাৰম্ভণি কৰিছিল।
ফাল্গুনিত গোৱিন্দক তুলিয়া দৌলত।
দৌলযাত্ৰা মহোৎসৱ কৰে সিবেলাত।। ( কীৰ্তন)
বৰদোৱাত পাতনি মেলা দৌলযাত্ৰা মহোৎসৱ পাছলৈ ১৫১৮ শকত প্ৰথম বাৰৰ বাবে মথুৰাদাস বু়ঢ়াআতাই বৰপেটা সত্ৰতো এই উৎসৱৰ প্ৰচলন কৰে। অৱশ্যে বৰপেটা সত্ৰ আৰু বৰদোৱা থানৰ দৌল উৎসৱৰ ৰীতি - নীতিৰ কিছু পাৰ্থক্য থাকিলেও উদ্দেশ্য আৰু গুৰুত্ব কোনো গুনেই কম নহয়। দুয়োখন পূন্য ভূমিতেই সত্ৰীয়া পৰম্পৰাৰ মাজেৰেই দৌল উৎসৱ উদযাপন কৰে।
বৰদোৱাৰ দৌল উৎসৱ পাচঁ দিনীয়াকৈ উদযাপন কৰা দেখা যায়। ইয়াৰে মূল তিনিটা দিন সম্পূর্ণ আধ্যাত্মিক তথা সত্ৰীয়া ৰীতি নীতিৰে পৰিচালিত হয়। অৱশ্যে সাংস্কৃতিক অনুষ্ঠান, বাণিজ্য মেলা আদিবোৰ চলি থাকে। প্ৰথম দিনটেী গন্ধোৎসৱ অৰ্থাৎ গোসাঁইৰ অধিবাস অনুষ্ঠান। পূৰ্ণিমাৰ আগদিনা অৰ্থাৎ শুক্লা চতুৰ্দশীৰ দিনা গন্ধোৎসৱ পালন কৰে। গন্ধ উৎসৱ হ'ল গোসাঁইৰ অধিবাস অনুষ্ঠান। এই দিনটোত সন্ধিয়াৰ নাম - প্ৰসঙ্গৰ শেষত গোসাঁইৰ মূৰ্তি ভাগ গায়ন বায়নে আদৰি কীৰ্তন ঘৰৰ ভিতৰৰ পৰা বাহিৰৰ ' শিলিখা ' বৃক্ষৰ তলত সজা অস্থায়ী ৰভাঘৰলৈ উলিয়াই আনি পুৰোহিতৰ পূজা অৰ্চনা, সুগন্ধি দ্ৰব্য, গাখীৰ, তুলসী আদিৰে স্নান কৰাই নতুন বস্ত্ৰ পিন্ধোৱা হয় আৰু গায়ন বায়ন সকলে ডবা, শঙ্খৰ মঙ্গল ধ্বনি কৰি -
ভাই দেখো কমলাপতি দৌলৰ ওপৰে।
বৈকুণ্ঠৰ নাথ দৌল ৰসে কেলি কৰে।।
শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীতেৰে গোসাঁইক দৌলৰ ওপৰত স্থাপন কৰে। ইয়াৰ পাছত স্থানীয় ৰাইজৰ লগতে দূৰ- দূৰণিৰ পৰা অহা ভকত বৈষ্ণব সকলে ভগৱন্তৰ গোটেই নিশা গুনানুকীৰ্তন কৰি বটদ্ৰৱাৰ আকাশ বতাহ হৰি নামেৰে মূখৰিত কৰে।
'একান্ত খেলায় কৰুণাময় এ নন্দ কুমাৰ।
দেৱৰ দুর্লভ কেলি ফাগুৰ বিহাৰ।।
ফাগু পৰি শ্যাম তনু কৰে তিৰি মিৰি।
ৰবিৰ কিৰণে যে মৰকত গিৰি।।'
( বৰগীত - শ্ৰীশ্ৰী মাধৱদেৱ)
দ্বিতীয় দিনা পূৰ্ণিমা। এইদিনটোত দিনৰ নাম প্ৰসঙ্গৰ শেষত ডবা শঙ্খ তথা আয়তিৰ উৰুলী ধ্বনিৰে গোসাঁইৰ শিৰত ফাকু দিয়াৰ লগতে পলাশ ফুল আৰু পদুম ফুলৰ পাহি দিয়াৰ পৰম্পৰা আছে। গোসাঁইৰ শিৰত ফাকু দিয়াৰ পাছতহে সাধাৰণ ৰাইজে সেই ফাকু নিৰ্মালি হিচাবে গ্ৰহণ কৰে কৃষ্ণ বন্দনাৰে আকাশ বতাহ মূখৰিত হৈ পৰে।
দৌল উৎসৱৰ শেষৰ দিনটো অৰ্থাৎ তৃতীয় দিনা গোসাঁই ফুৰোৱা উৎসৱ পালন কৰে। যথা ৰীতি - নীতি, নাম প্ৰসঙ্গৰ জৰিয়তে গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হয়। ভক্তপ্ৰাণ ৰাইজৰ হৰি নামৰ ধ্বনিত বটদ্ৰৱা থান বৈকুণ্ঠপুৰীত পৰিণত হয়। চৌদিশে কেৱল ভগৱন্তৰ নামেৰে মূখৰিত হয়। গায়ন বায়নসহিতে এক বিশাল শোভাযাত্রা কৰি গোসাঁইক দক্ষিণ দিশত অৱস্থিত দৌল মন্দিৰলৈ ফুৰাবলৈ নিয়া হয়। ৰাইজে আনন্দ মনেৰে মহাপ্রভুৰ এই পবিত্র যাত্ৰাৰ অংশীদাৰ হয় আৰু ৰঙৰ উৎসৱত নিজকে বিলীন কৰে।
'আউৰ আউৰে ফাগু মাৰে আঞ্জলি ভৰিয়া।
ফাগু ৰসে নাচে হাসে কীৰ্ত্তন।
আনন্দে আকুল লােক ফাগুৰ উৎসৱে।
চৌভিতি পূৰয় হৰি কীৰ্ত্তনৰ ৰৱে।।'
( বৰগীত শ্ৰীশ্ৰী মাধৱদেৱ)
দৌলযাত্ৰাৰ পথত প্ৰতিঘৰ গৃহস্থীয়ে পদূলি মূখত গোৱিন্দক সেৱা ধৰে। দৌলত উপস্থিত হোৱাৰ পাছত গোসাঁইক পদূলিৰ পৰাই আদৰি নিয়ে আৰু সজাই পৰাই ৰখা আসনত স্থাপন কৰি যথাৰীতি নীতিৰে পূজা অৰ্চনা কৰে। দৌলৰ পৰা ওভটি অহাৰ পথত গোসাঁইক দুয়োখন সত্ৰৰ সত্ৰাধিকাৰদ্বয়ৰ গৃহত ক্ষন্তেক প্ৰৱেশ কৰোৱাই অনাৰ এক পৰম্পৰা এতিয়াও প্ৰচলিত হৈ আছে। ইয়াৰ পাছতেই গোসাঁইক কীৰ্তন ঘৰলৈ ওভটাই অনা হয়। গোসাঁইক কীৰ্তন ঘৰৰ সিংহদ্বাৰৰ সন্মুখত ভক্ত সকলে ৰখাই দুৱাৰ ধৰা নামেৰে এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰে। নিশালৈ গোসাঁইক কীৰ্তন ঘৰৰ ভিতৰলৈ নিয়া হয় আৰু দেব বাদ্যৰ মঙ্গল ধ্বনি তথা ৰাইজৰ হৰিধ্বনিৰে তিনি দিনীয়া দৌলযাত্ৰা মহোৎসৱৰ সামৰণি পৰে।
কৃষ্ণৰ পৰম প্ৰিয়া ঘুনুচা সুন্দৰী৷
তাহান নগৰ ৰঙ্গে পাইলা দেৱ হৰি৷৷ ( ঘুনুচা কীৰ্তন)
কথিত আছে যে ঘুনুচা ইন্দ্ৰদ্ৰুম্ম ৰজাৰ জীয়েক আছিল ৷ তেওঁ শ্রীকৃষ্ণৰ পৰম ভক্ত আছিল। শ্ৰীকৃষ্ণক স্বামী হিচাবে পাবলৈ তেওঁ বৰ ব্যাকুল হৈ পৰিছিল আৰু সেয়ে কৃষ্ণই ভক্তৰ মনোবাঞ্চা পূৰণ কৰিবলৈ পাৰিষদৰ সৈতে লক্ষ্মীৰ অজ্ঞাতেই ঘুনুচাৰ গৃহলৈ গৈ সাত দিন কটাইছিল। এই কথা পাছত লক্ষ্মীয়ে জানিব পাৰি শ্ৰীকৃষ্ণক নিজ গৃহত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে আৰু প্ৰৱেশদ্বাৰত দুয়োৰে মাজত নানাধৰণৰ প্ৰশ্ন ব্যক্ত কৰি তৰ্ক - বিতৰ্ক হয় ৷ তৰ্ক - বিতৰ্কৰ পাছতহে প্ৰভু শ্ৰীকৃষ্ণক লক্ষ্মীৰ গৃহত প্ৰৱেশ কৰিব দিয়ে। এই পৰম্পৰাকে শেষৰ দিনা দৌলৰ পৰা কীৰ্তন ঘৰলৈ উভতি আহি কীৰ্তন ঘৰত প্ৰৱেশৰ সময়ত দুৱাৰ ধৰা উৎসৱ হিচাবে পালন কৰে। বৰদোৱা থানক কেন্দ্র কৰি গঢ়ি উঠা শ্ৰীশ্ৰী নৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰী শলগুৰি সত্ৰই প্ৰতি বছৰে এই উৎসৱ উদযাপন কৰি আহিছে।
হোলী বা ফাকুৱা উৎসৱ হৈছে ৰঙৰ উৎসৱ।যি উৎসৱৰ জড়িয়তে আমি সমাজত একতা আৰু সমন্বয় তথা ভাতৃত্ববোধ গঢ়ি তুলিব পাৰো।এই আনন্দৰ উৎসৱবোৰত আমি সমাজত ঘটিব পৰা নেতিবাচক দিশসমূহ এৰাই চলিলেহে উৎসৱৰ মূহুৰ্তবোৰ সুন্দৰতাৰে উপভোগ কৰিব পাৰিম।যদিও হোলী সমগ্র ভাৰতত প্ৰচলিত উৎসৱ তথাপিও গুৰুজনাই অসমত ইয়াক সুকীয়া শৈলীৰে আধ্যাত্মিকতাৰে সজাই গৈছে। আমি সেই নিজৰ মূল খুটিতোক কেন্দ্র কৰি উৎসৱ উদযাপন কৰাতোহে প্ৰয়োজন। নহ'লে অদূৰ ভৱিষ্যতে দৌল যাত্রা উৎসৱেও নিজৰ ঐতিহ্য হেৰুৱাই পেলাব । জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে গুৰুজনাই প্ৰচলন কৰা একতা আৰু সমন্বয়ৰ ধ্বজাবাহক এই মহোৎসৱ কেৱল অসমীয়া ৰাইজৰে নহয় সমগ্র ভাৰতীয়ৰে আদৰ্শ হওক। বটদ্ৰৱাৰ এই ঐতিহাসিক দৌলযাত্রা মহোৎসৱ এতিয়াও সুন্দৰকৈ বৰ্তি আছে আৰু অনাগত দিনতো প্ৰজন্মৰ পাছত প্ৰজন্মই এই সুকীয়া পৰম্পৰা বহন কৰি লৈ যাব বুলিও একে মূখে ক'ব পৰা যায়।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ