ভৰ দুপৰীয়া । চাৰিওফালে নিৰ্জন নিস্তব্ধ পৰিৱেশ । আহাৰ মাহৰ প্ৰখৰ গৰমতো চাহ একাপ হাতত লৈ আগফালৰ বাৰাণ্ডালৈ ওলাই আহিল জেউতী বৰুৱা । অকলশৰীয়া মুহূৰ্তত চাহ কাপ লৈ আগফালৰ বাৰাণ্ডাত বহি ৰাস্তাৰে যোৱা বিভিন্ন ধৰণৰ গাড়ীবোৰ আৰু ব্যস্ত মানুহ বোৰ চায়ে সময় পাৰ কৰে জেউতীয়ে । নহলেনো কি কৰিব ? প্ৰকাণ্ড ঘৰটোৰ ভিতৰত সোমাই থাকিলে নিজকে বন্দী পক্ষী আৰু জেইলৰ ভিতৰৰ কয়দী যেন অনুভৱ হয় । গাৱৰ সেই সোণোৱালী স্মৃতিবোৰে ধৰা দিয়ে জেউতী বুঢ়ীৰ মানসপটত সংগোপনে । পাহৰো বুলিও পাহৰিব নোৱাৰে বোকা পানী গচকি কটোৱা সেই সময়বোৰ ।
" এজাৰ ফুলা দেখি /বেজাৰ কিয় কৰ /
কিয় মনে মাৰি থাক / মোৰে দেহী ঐ ।"
ৰাস্তাত বস্তু বিক্ৰী কৰি ফুৰা লৰাটোৱে গুণগুণাই যোৱা গীতৰ কলিটোৱে মনটো সেমেকাই তুলিলে জেউতীক । এটা সময়ত কিমান আনন্দত তাই আৰু ৰংমনে এইদৰেই গান গাই গাই কাম কৰিছিল । এতিয়া ৰংমনৰ অবৰ্তমানত সকলো শেষ হৈ গ'ল জেউতীৰ । হাঁহি স্ফুৰ্তিত থাকি ভাল পোৱা জেউতী জনী নিমাত হৈ পৰিল চিৰদিনলৈ । পুত্ৰ বোৱাৰীৰ কথা মতেই পাৰ কৰিছে প্ৰতিটো মুহূৰ্ত । এক বুজাব নোৱাৰা দুখ বুকুত কঢ়িয়াই লৈ ফুৰিছে অজলা মানুহজনীয়ে । চকুৰ কোণত জমা হোৱা পানী টোপাল মোহাৰি উচুপি উঠিল মানুহজনী । প্ৰতিদিনেই প্ৰতি মুহূৰ্তত মনত পৰে ৰংমনৰ সৈতে কটোৱা সেই সময়বোৰ ।
মধুপুৰ গাঁৱৰ সহজ সৰল যুৱক ৰংমন । সুন্দৰ সুঠাম যুৱক ৰংমনলৈ বিয়া কৰাই আনিছিল কাষৰ গাৱৰে এজনী নিমাখিত গাভৰু জেউতীক । দুয়োখন ঘৰৰ সন্মতিত বিয়াত বৰ সুখী হৈছিল ৰংমন আৰু জেউতী । পুৱা সোনকালে উঠি ৰংমন হাললৈ যায় আৰু জেউতীয়ে কৰি গৈছিল ঘৰৰ প্ৰতিটো কাম । শহুৰ - শাহুৰ প্ৰতিটো কাম নিয়াৰিকৈ কৰিছিল তাই । কম দিনৰ ভিতৰতেই পাকৈত হৈ উঠিল জেউতী । শহুৰ শাহুৰ লগতে ৰংমনৰো মৰমবোৰ আদায় কৰিছিল জেউতীয়ে । ওচৰ চুবুৰীয়াই প্ৰশংসাৰে উপচাই পেলাই জেউতীক । কম দিনৰ ভিতৰতেই জেউতী মাক হ'বলৈ ওলোৱা খবৰটোৱে ঘৰখনত আনন্দৰ যোৱাৰ তুলিলে । ৰংমনৰ মনটো আনন্দৰ বা লাগিল । প্ৰতিটো মুহূৰ্ততেই জেউতীৰ ওপৰত মাকৰ সমানেই চকু ৰাখিছিল ৰংমনেও । পথাৰৰ পৰা আহোঁতে সদায় ঢেঁকীয়া , কচুশাক , কলমৌ , কলডিল , মাছ পুঠি লৈ আহিছিল ৰংমনে ।
ব'হাগ মাহৰ এটা দিনত জেউতীৰ কোলা শুৱনি কৰিল এটি দেৱশিশুৱে । কনক দেউৰ ওচৰত চোৱাই নাম ৰাখিলে গোপাল । গোপাল বৰুৱা । গোপালক লৈ ব্যস্ততাৰ সীমা নাই ৰংমন - জেউতীৰ । কোলাত গোপালক লৈ কল্পনাৰ কাৰেং ৰচে জেউতীয়ে । অভিমানত মুখ ফুলাই ৰংমনে । দিনে দিনে বাঢ়ি আহে ৰংমন জেউতীৰ প্ৰেম ।
এদিন দুদিন কৰি ডাঙৰ হ'ল গোপাল । মাক দেউতাকৰ চকুৰ মণি , কলিজাৰ এফাল । এটকা দুটকাকৈ জমা কৰিলে জেউতীয়ে যেনেতেনে কৰি হ'লেও গোপালক ভাল মানুহ কৰিব । দুচকুত অলেখ আশা । ৰৈ যা সময় , নাযাবি আঁতৰি , মোৰ সুখৰ সময় ৰৈ যা । মনতে ভাবে জেউতীয়ে । মাক দেউতাকৰ আশা পুৰণ কৰি গোপাল উচ্চ শিক্ষাৰে শিক্ষিত হ'ল ঠিকেই কিন্তু ?
জেউতীৰ চকুযোৰ চলচলিয়া হৈ উঠিল । কিয়নো মনত পৰে পুৰণি কথাবোৰ , সুখৰ সময় বোৰ এতিয়া বিভিষীকা মাথো । হৃদয়ৰ ৰতনে পালন কৰিছে জানো পুত্ৰৰ ধৰ্ম । পত্নীৰ কথা মতেই গাৱৰ ঘৰখন , ৰংমন জেউতীৰ স্মৃতি সজীৱ হৈ থকা হেপাঁহৰ গাওঁখন এৰি চহৰ পালেহি । চহৰৰ যান্ত্ৰিকতাৰ মাজত পাহৰি পেলালে মাতৃ - পুত্ৰৰ মধুৰ সম্পৰ্ক । বোৱাৰীৰ কথা মতেই উঠা বহা কৰা জেউতী এতিয়া আৱৰ্জনা হৈ পৰিছে গোপালৰ দুচকুত ।
চাদৰৰ আচলেৰে চকুপানী মচি জেউতি সোমাই গ'ল নিজৰ কোঠালৈ । বেৰত ওলমি থকা ৰংমনৰ ফটো খন চাই বিষায় গ'ল বুকুখন । এতিয়া মাথো অপেক্ষা মৃত্যুৰ । ময়ো গৈ আছো আপোনাৰ কাষলৈ --- মুখৰ ভিতৰতে কথাষাৰ কৈ হুকহুকাই কান্দি কান্দি শুই পৰিল জেউতী ৰংমনৰ ফটোখন জোৰেৰে সাবটি ধৰি ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ