ফটোগ্ৰাফী - তৃষা কটকী

 protibha phukon
0
মণিষা আৰু অনুৰাগ দুয়ো আবেলি ওলাই গ’ল ক’ৰবাত বহি কথা পাতিবৰ বাবে।
"ক’ত যাব?"
"ব’লা জুবিনৰ ঘৰৰ ফালে যাওঁ।তাৰ পৰা ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ দেখি।"
"ব’লক।"
এইবুলি অনুৰাগে মণিষাক স্কুটিৰ পিছফালে বহাই স্কুটিখন ষ্টাৰ্ট দিলে।
"শুনাচোন।"
"কওক।"
"অলপ লাহে লাহে চলাবা দেই।"
"অ’কে মেডাম।"
অনুৰাগ আৰু মণিষা দুয়ো জয়পুৰ পাহাৰৰ ফালে আগবাঢ়ি গ’ল। জুবিনৰ ঘৰ পোৱাৰ পিছতে দুয়ো স্কুটিৰ পৰা নামিল।পাহাৰৰ এঁকা বেকা পথটোৰ দুয়োকাষ ঘন গছ গছনিৰে আৱৰি আছে।
"ব’লক আমি আৰু ওপৰলৈ যাওঁ,তাৰপৰা ধুনীয়াকে চাব পাৰিব আপোনাৰ প্ৰিয় নদীখন।"
"ব’লা তেনেহ’লে।"
দুয়ো আগবঢ়িল।পাহাৰৰ দাঁতিত স্কুটিখন থৈ দুয়ো খোজকাঢ়িল ।পাহাৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য চাই মণিষা খুবেই আনন্দিত হ’ল।
"অনুৰাগ,শুনাচোন।"
"উম,কওক।"
"মোক ফটো দুকপিমান মাৰি দিবানে?"
"কিয় নিদিম?
আপুনি সেইখিনিলৈ যাওক।তাত ভাল হ’ব।"
 "ঠিক আছে।"
বিভিন্ন অৱস্থানৰ পৰা অনুৰাগে মণিষাৰ ফটো তুলিলে।
"এয়া চাওক।"
"ওহো।তুমি ফটো মাৰিব নাজানা।ভাল ফটোগ্ৰাফাৰ নহয় তুমি।"
"এতিয়া আপোনাৰ বাবে মই ফটোগ্ৰাফীৰ কোৰ্চ ল’ব লাগিব।"
"কিয় আন্ধাৰ কৰিলা ফটোবোৰ?এখনো ভাল নহ’ল।"
"কি কৰিম কওক এডিট কৰি পোহৰ কৰি ল’ব।মইটো ভালেই দেখিছো।"
"হ’ব দিয়া আৰু মাৰিব নালাগে তুমি।চাওঁ মোৰ ম’বাইলটো দিয়া।"
এইবুলি মণিষাই অনুৰাগৰ হাতৰ পৰা তাইৰ ম’বাইলটো লৈ কেইবাকপিও ছেল্ফি উঠিলে। বহুসময় দুয়ো মৌনতাৰে থকাৰ পিছত হঠাতে ক’ৰবাৰ পৰা জাৰ্মান ছেপহাৰ্ড এটা আহি মণিষাৰ কাষতে বহিলে।অনুৰাগে চকুৰে তাইক কিবা কিবি ইংগিত দি থাকিল।মণিষাৰ ভয়ত জীৱটো যাওঁ যাওঁ যেন অৱস্থা হ’ল।ভয়ত একো ক’ব নোৱাৰা হৈ একে ঠাইতে থৰ হৈ বহি থাকিল।বৃহৎ অৱয়বৰ কুকুৰটো দেখি মণিষাই অনুৰাগৰ পিনে কাতৰ দৃষ্টিৰে চাই থাকিল।অনুৰাগে তাইক চকুৰেই সাহস দি থাকিল।এটা সময়ত কুকুৰটো উঠি গ’ল তাৰ গন্তব্য স্থানলৈ। উশাহটো দীঘলকৈ লৈ তাই অনুৰাগৰ কাষলৈ গৈ ক’লে ,
উফ,ৰক্ষা।ব’লা যাওঁ ইয়াৰ পৰা।
"বলক যাওঁ।ইমান ম’হ আছে ইয়াত।মোকো কামুৰিছে।"
চিপ চিপকৈ এজাক বৰষুণ নামিল।বৰষুণত তিতি তিতিয়েই অনুৰাগ মণিষা আগবঢ়ি গৈ থাকিল।ক্ৰমান্বয়ে বৰষুণজাক বাঢ়ি আহিল।
অলপ আগত দোকান এখন আছে,তাতে ৰৈ দিম।বৰষুণজাক বৰকৈ দিছে।
উম!তিতিছো আজি।
দোকান খন পোৱাৰ পিছত অনুৰাগ আৰু মণিষা স্কুটিৰ পৰা নামি দোকানখনৰ ফালে দৌৰি গ’ল বৰষুণ নকমালৈকে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)